তীব্ৰবেগী টেংকাৰে মহটিয়াই নিলে ব্যৱসায়ীক - Road Accident - ROAD ACCIDENT
🎬 Watch Now: Feature Video


Published : May 25, 2024, 6:42 PM IST
ধুবুৰী, 25 মে’ : ধুবুৰীৰ সোনাহাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী টেংকাৰে মহটিয়াই নিলে এজন ব্যৱসায়ীক ৷ নিৰ্মীয়মান 127 (বি) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ, টেংকাৰৰ দৌৰাত্মক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ মৃত লোকজন দফৰপুৰ গাঁৱৰ নুৰুল হক বুলি জানিব পৰা গৈছে ৷ নুৰুল হক পেচাত এজন ব্যৱসায়ী আছিল ৷
সোনাহাট বজাৰৰ সমীপতে ধুবুৰী অভিমুখী এখন তীব্ৰবেগী টেংকাৰে মহটিয়াই নিয়ে লোকজনক ৷ দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখনৰ নম্বৰ UP 78 FT 5903 ৷ টেংকাৰখন ৰাইজে খেদি খেদি মটেৰঝাৰ বজাৰত আটক কৰে ৷ ঘটনাস্থলীত পৰৱৰ্তী সময়ত পাগলাহাট আৰক্ষী উপস্থিত হয় যদিও স্থানীয় ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক : সেনা বাহিনীৰ বাহনৰ পৰা হঠাৎ ছিটিকি পৰিল গুলী-বাৰুদৰ বাকচ - Accident In Lakhimpur