নলবাৰীত তীব্ৰবেগী বাছৰ খুন্দাত নিহত এক, আহত চাৰি - Nalbari Road Accident

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 3:46 PM IST

thumbnail

নলবাৰী, ৬ এপ্ৰিল: নলবাৰীৰ মুকালমুৱাৰ সাপকাটাত এখন তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত এজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাবে আহত হয় ৷ নিহত লোকজন কান্ধবাৰীৰ ছিদ্দিক আলী বুলি চিনাক্ত কৰা হৈছে । আনহাতে আহতকেইজনৰ নাম ক্ৰমে ইবাদুল ইছলাম(১৩), ইমৰাণ আলী(১৩), আব্দুল চালাম(১৫) আৰু জিন্টু মেধি বুলি জানিব পৰা গৈছে । ইয়াৰে ইবাদুল ইছলামৰ আঘাত গুৰুতৰ হোৱাত তেওঁক চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । আহতসকলৰ মাজৰ তিনিগৰাকী কান্ধবাৰী হাইস্কুলৰ ছাত্ৰ । 

বৰপেটাৰ পৰা গুৱাহাটী অভিমুখী AS-13AC-1766 নম্বৰৰ এখন তাব্ৰবেগী আল্ট্ৰা বাছে আটাইকেইজনকে মহতিয়াই নিয়ে ৷ আটাইকেইগৰাকীকে মুকালমুৱা মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এজন পথচাৰী নিহত হয় । উল্লেখ্য যে, বৰপেটাৰ পৰা হাজো হৈ গুৱাহাটীলৈ যোৱা পথছোৱা যথেষ্ট ঠেক আৰু এই পথছোৱাত অত্যধিক বাহন চলাচল কৰে । ঠেক পথছোৱাত তীব্ৰ বেগত চলাচল কৰা বাহনসমূহৰ বাবে সঘনাই পথটোত দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে। তীব্ৰবেগী বাহনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসন তথা পৰিবহন বিভাগক আহ্বান জনাই অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন; আহত শিক্ষাৰ্থীৰ লগতে চালক - JATIYA VIDYALAYA TITABOR

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.