নগাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত আহত এজন - Free roaming of wild buffalo
🎬 Watch Now: Feature Video


Published : Mar 9, 2024, 1:32 PM IST
নগাঁও,৯ মাৰ্চ: নগাঁৱৰ শিঙিয়া পোটনি কমাৰগাঁৱত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে এটা বনৰীয়া ম'হে । বিশেষকৈ ম'হ পালকসকল পৰিছে গভীৰ সংকটত । বিগত বছৰ দিন ধৰিয়েই অঞ্চলটোত বাহৰ পাতি থকা বনৰীয়া ম'হটোৰ আক্ৰমণত কেবাটাও পোহনীয়া ম'হ ইতিমধ্যেই আঘাতপ্ৰাপ্ত হৈছে । বিশেষকৈ ম'হ পালকসকলো আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বনৰীয়া ম'হটোৰ । শুকুৰবাৰে বিয়লিও বনৰীয়া ম'হটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী ম'হ পালক । বনৰীয়া ম'হটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় গাঁওখনৰ মণ্টু বৰুৱা নামৰ ব্যক্তিজন ।
আহত ব্যক্তিগৰাকীৰ বয়স প্ৰায় ৫০ বছৰ বুলি জানিব পৰা গৈছে । শুকুৰবাৰে বিয়লি পথাৰত ম'হ চৰাব যোৱাৰ সময়তেই বনৰীয়া ম'হটোৱে আক্ৰমণ কৰে মণ্টু বৰুৱাক । পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত মণ্টু বৰুৱাক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই । সম্প্ৰতি চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আহত মণ্টু বৰুৱা । ইপিনে বনৰীয়া ম'হটোৱে দীর্ঘদিনৰ পৰাই আতংকৰ সৃষ্টি কৰি অহাৰ পিছতো ম'হটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ । আনকি বন বিভাগে ম'হটো খেদি পঠিয়াবলৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে ।
লগতে পঢ়ক: তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী পোৱালিৰ আকস্মিক মৃত্যু