অৱসৰ বিনোদন কৰিবলৈ কি বিপদ হ’ল জানিলে চকু কপালত উঠিব আপোনাৰো - Rhino chased away
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-03-2024/640-480-21012127-thumbnail-16x9-fews.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 18, 2024, 1:20 PM IST
বাক্সা, 18 মাৰ্চ: বিপদ অনিশ্চিত ! কোনো আগজাননী নিদিয়াকৈ কেতিয়া, কেনেকৈ আহে কোনেও নাজানে ৷ কেতিয়াবা আনন্দৰ মুহূৰ্ত এটাতো হঠাৎ নামি আহিব পাৰে অনাকাংক্ষিত বিঘিনি ৷ তেনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৷
পৰ্যটকে জীপ ছাফাৰীৰ আনন্দ উপভোগ কৰি থকাৰ সময়তে বাহনখনক আক্ৰমণ এশিঙীয়া গঁড়ৰ । মানাহৰ বাঁহবাৰী ৰেঞ্জৰ মথনগুৰি-বাঁহবাৰী পথত সংঘটিত হৈছে এই ঘটনাটো । পৰ্যটকৰ কেমেৰাত আৱদ্ধ হৈছে সম্পূৰ্ণ শিহৰণকাৰী দৃশ্যটো ৷
তীব্ৰ বেগেৰে এটা এশিঙীয়া গঁড়ে চোঁচা লৈ পৰ্যটকৰ বাহনত প্ৰচণ্ড খুন্দা মৰা ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে । অৱশ্যে চালকৰ তৎপৰতাৰ বাবে পৰ্যটকৰ দলটোৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বঙাইগাঁও তেল শোধানাগাৰৰ পৰা আহিছিল ভুক্তভোগী পৰ্যটকৰ দলটো ৷
দলটোৱে মানাহত জীপ ছাফাৰী কৰি থকাৰ সময়তে সংঘটিত হয় ঘটনাটো ৷
লগতে পঢ়ক: মানাহ ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত বড়োলেণ্ড আন্তৰ্জাতিক বন্যপ্ৰাণী সন্মিলন