গৌৰীসাগৰত মুখামুখি সংঘৰ্ষ: নিহত এক - পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : Feb 12, 2024, 9:55 AM IST
আমগুৰি, ১২ ফেব্ৰুৱাৰী : শিৱসাগৰ জিলাৰ গৌৰীসাগৰত দেওবাৰৰ নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথ দুৰ্ঘটনাটোত এজন ব্যক্তি নিহত হয় । প্ৰাপ্ত খবৰ অনুসৰি, গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিখৌমুখ বৰআলি মিটং নকাটনি পথত সংঘটিত হয় দুৰ্ঘটনাটো ।
AS 04 AD 3806 নম্বৰৰ বাইক আৰু AS 04 AC 9948 নম্বৰৰ ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন ৷ অৰূপ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে বাইক আৰোহীজনক । আনুমানিক 37 বছৰীয়া আঘাতপ্ৰাপ্ত অৰূপ হাজৰিকাক জৰুৰী সেৱা যোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।
উল্লেখ্য যে, যুৱক অৰূপ হাজৰিকাই দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল । মৃত অৰূপ হাজৰিকাই পত্নীৰ লগতে দুটি সন্তানক ইহসংসাৰত এৰি থৈ গৈছে । গৌৰীসাগৰ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰে যদিও চালকজনে পলায়ন কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : বঙাইগাঁৱত পথ দুৰ্ঘটনাত নিহত স্কুটী আৰোহী