thumbnail

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 9:38 PM IST

ETV Bharat / Videos

শনিবাৰে বন্ধ নাথাকে পে'ট্ৰল পাম্প - Petrol pump closed cancelled

গুৱাহাটী, ২৯ মাৰ্চ: নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন, গুৱাহাটীয়ে শনিবাৰে আহ্বান জনোৱা পেট্ৰ'ল পাম্প বন্ধ কাৰ্যসূচী সাময়িকভাৱে প্ৰত্য়াহাৰ কৰা হৈছে । সাময়িকভাৱে ৪৮ ঘণ্টা পেট্ৰ'ল পাম্প বন্ধ ৰখাৰ কাৰ্যসূচী বাতিল কৰাৰ বিষয়ে আজি সদৰী কৰিছে নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন, গুৱাহাটীৰ বিষয়ববীয়াসকলে ।  

পূৰ্বৰ কাৰ্যসূচী অনুসৰি অহা ৩০ মাৰ্চৰ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিল পুৱা ৫ বজালৈ ৪৮ ঘণ্টা পেট্ৰ'ল পাম্প বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন,গুৱাহাটীয়ে । অ'চিএল, এইচ পি চি এল  আৰু বিপিচিএলৰ সৈতে হোৱা বৈঠকৰ অন্তত সাময়িকভাৱে বন্ধ প্ৰত্যাহাৰ কৰিছে সংগঠনটোৱে । ইপিনে, অহা ১৫ এপ্ৰিললৈকে সময়সীমা বান্ধি দিছে নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন, গুৱাহাটীয়ে । ১৫ এপ্ৰিলৰ পাচত তেওঁলোকৰ দাবী নামানিলে পুনৰ পেট্ৰ'ল পাম্প বন্ধৰ‌ হুংকাৰ দিয়ে এছ'চিয়েচনে । নিৰ্বাচনী আচৰণ বিধিৰ বাবে সাময়িকভাৱে ৪৮ ঘণ্টাৰ বন্ধ প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচনে ।

লগতে পঢ়ক:মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা - Pollution In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.