বনৰীয়া গাহৰিৰ আক্ৰমণত আহত ৯ জন - Wild Boar Terror

By ETV Bharat Assamese Team

Published : 3 hours ago

Updated : 2 hours ago

thumbnail
অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত আতংক (ETV Bharat Assam)

আমগুৰি, ২৩ ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত সোমবাৰে পুৱা বনৰীয়া গাহৰিয়ে সন্ত্ৰাস চলাই ৯ জন লোকক কামুৰি আঘাতপ্ৰাপ্ত কৰে । আজি পুৱা এটা বনৰীয়া গাহৰিয়ে অঞ্চলটোৰ নেপালিবস্তি, টিফুক, বঙালী গাড়ীগাঁও, বুঢ়াগাঁৱত সন্ত্ৰাস চলোৱাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ । দুটাকৈ পশুধনকো আক্ৰমণ কৰে গাহৰিটোৱে ।

গাহৰিৰ আক্ৰমণত ভীতিগ্ৰস্ত হৈ উঠে অঞ্চলবাসী। পিচত গাহৰিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত লোকসকলক প্ৰাথমিক চিকিৎসাৰ বাবে আমগুৰি চিকিৎসালয়লে প্ৰেৰণ কৰা হয় । আমগুৰিত প্ৰাথমিক চিকিৎসাৰ অন্তত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক জয়সাগৰ আৰু যোৰহাট চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে চিকিৎসকে ।

মানুহক আক্ৰমণৰ পিচতেই উত্তেজিত লোকে বনৰীয়া গাহৰিটোক খেদি খেদি নিধন কৰে । ঘটনাটো সংঘটিত হোৱাৰ পিচতে হালোৱাটিং আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ ব্যৱস্থা কৰা লগতে মৃত বনৰীয়া গাহৰিটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে ।

লগতে পঢ়ক:সংক্ৰমণ বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ : গাহৰি পালকৰ মাজত হাহাকাৰ - African swine fever

মৰিয়নীত ছোৱাইন ফ্লুৰ আতংক, গাহৰি ক্ৰয় তথা বিক্ৰীত নিষেধাজ্ঞা - Swine flu Outbreak

Last Updated : 2 hours ago

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.