ETV Bharat / bharat

চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ'ল হেমন্ত ছোৰেণ - HEMANT SOREN TOOK OATH AS CM

ঝাৰখণ্ডৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেণে বৃহস্পতিবাৰে শপতগ্ৰহণ কৰে । অনুষ্ঠানত ইণ্ডিয়া ব্লকৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে ।

Hemant Soren
চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ'ল হেমন্ত ছোৰেণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 5:16 PM IST

ৰাঁচী : ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপতগ্ৰহণ কৰিলে হেমন্ত ছোৰেণে । ইয়াৰ লগে লগে একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱা ঝাৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী হৈ পৰে হেমন্ত ছোৰেণ । ৰাঁচীৰ মোৰহাবাদী ময়দানত আয়োজিত এক অনুষ্ঠানত হেমন্ত ছোৰেণে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত লয় । ৰাজ্যপাল সন্তোষ গাংৱাৰে তেওঁক শপত বাক্য পাঠ কৰায় ।

হেমন্ত ছোৰেণৰ শপতগ্ৰহণ অনুষ্ঠানত বিৰোধীৰ নেতা

হেমন্ত ছোৰেণৰ শপতগ্ৰহণ অনুষ্ঠানত ইণ্ডিয়া ব্লকৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বিহাৰৰ নেতা তেজস্বী যাদৱ, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উধায়ানিধি ষ্টেলিন, কংগ্ৰেছ নেতা তাৰিক আনৱাৰ, সাংসদ পাপ্পু যাদৱ আৰু আন বহু নেতা অনুষ্ঠানত উপস্থিত থাকে । শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে হেমন্ত ছোৰেণে তেওঁৰ পিতৃ শিবু ছোৰেণৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ আশীৰ্বাদ লয় ।

ঝাৰখণ্ড চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

হেমন্ত ছোৰেণে ঝাৰখণ্ডৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । একে সময়তে, তেওঁ চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হয় । ২০০০ চনৰ ১৫ নৱেম্বৰত ঝাৰখণ্ড গঠন হোৱাৰ পিছত বাবুলাল মাৰাণ্ডি ঝাৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল । ইয়াৰ পিছত, অৰ্জুন মুণ্ডা তিনিবাৰ মুখ্যমন্ত্ৰী, শিবু ছোৰেণ তিনিবাৰ, মধু কোড়া এবাৰ, ৰঘুবৰ দাস এবাৰ, চম্পাই ছোৰেণ এবাৰ আৰু হেমন্ত ছোৰেণ তিনিবাৰ মুখ্যমন্ত্ৰী আছিল । মুখ্যমন্ত্ৰী হিচাপে এয়া হেমন্ত ছোৰেণৰ চতুৰ্থ কাৰ্যকাল ।

লগতে পঢ়ক :কাচাভু শাৰী পৰিধান কৰি প্ৰিয়ংকা গান্ধীৰ ৰাজ অভিষেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.