গুৱাহাটী: উপ-নিৰ্বাচনৰ পাছত এতিয়া পুনৰ চৰ্চাত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হ'বলৈ মাজত প্ৰায় ডেৰ বছৰ সময় আছে । বৰ্তমান সময়ত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো দিছপুৰত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । এই চৰ্চাৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভা সম্প্ৰসাৰণ তথা ৰদ-বদল সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
বৃহস্পতিবাৰে গুৱাহাটীৰ মাছখোৱাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিয়মান গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
মুখ্যমন্ত্ৰীয়ে কয়, "আমি বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰী ল'ব লাগিব । এজেণ্ডাত সেইটো আছে । কিন্তু যেতিয়া আলোচনা কৰিম তেতিয়া যদি ক'ৰবাত এজন-দুজন বৃদ্ধি কৰাৰ কথা আহে বা কমাৰ কথা আহে তেতিয়া বেলেগ কথা । বৰ্তমান আমাৰ খুব জৰুৰী হৈ আছে যে বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰী আমি ল'ব লাগে । গতিকে মই দিল্লীত গৈ কথা পাতিলে গম পাম যে এই বিষয়টো এজনক লৈয়ে শেষ কৰিব লাগে নে আৰু দুই-তিনিটা সাল-সলনি কৰিব লাগে । কিন্তু আমাৰ গুৱাহাটীত বা অসমত আমাৰ যিখিনি নেতা আছে তেওঁলোকৰ সকলোৰে অভিমত হ'ল যে বৰাকৰ পৰা এজন লৈ আমি বিষয়টো সামৰণি মাৰিব লাগে । যাতে নিৰ্বাচনৰ বছৰটোত বেছি জল্পনা-কল্পনা চলি নাথাকে ।"
লক্ষণীয় বিষয় যে অতি শীঘ্ৰে মন্ত্রীসভাৰ ৰদ-বদল তথা সম্প্ৰসাৰণ হোৱাটো নিশ্চিত। মুখ্যমন্ত্ৰীৰ বক্তব্যত সেই কথা স্পষ্ট হৈছে ।
দিছপুৰত ব্যাপক জল্পনা-কল্পনা :
মন্ত্ৰীসভাৰ আসন্ন সম্প্ৰসাৰণৰ জৰিয়তে বৰাক উপত্যকাৰ এজন প্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান পোৱাটো মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিছে যদিও দিছপুৰত চৰ্চা থমকি ৰোৱা নাই । কাৰণ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো কেৱল বৰাকতে সীমাবদ্ধ নাথাকে বুলি ধাৰণা কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে তাৰ ইংগিতো দিছে । যাৰ বাবে দিছপুৰত অব্যাহত আছে জল্পনা-কল্পনা ।
Work on the upcoming Guwahati- North Guwahati bridge is progressing well and we plan to dedicate it to the people after July 2025.
— Himanta Biswa Sarma (@himantabiswa) November 28, 2024
The bridge will be free to use for all categories of vehicles except trucks & commercial buses
I inspected the progress a while back.
📍South Bank pic.twitter.com/HL9VjxrW5c
মন্ত্ৰিত্ব হেৰুওৱাৰ আশংকা :
সম্প্ৰসাৰিত মন্ত্ৰীসভাত নতুন মুখৰ অন্তৰ্ভুক্তি হোৱাৰ উপৰি কমেও এজন মন্ত্ৰীয়ে পদ হেৰুওৱাৰো সম্ভাৱনা প্ৰৱল বুলি দিছপুৰতে সৰৱ চৰ্চা চলিছে । সম্প্ৰসাৰিত মন্ত্ৰীসভাত কোন বিধায়কে স্থান পাব তথা মন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হ'ব তাক লৈ সম্প্ৰতি জল্পনা-কল্পনাই আকর্ষণীয় ৰূপ লৈছে ।
বৰাকৰ এজনে মন্ত্ৰিত্ব পোৱাটো নিশ্চিত :
সম্প্ৰসাৰিত মন্ত্ৰীসভাত বৰাকৰ এজন প্ৰতিনিধি অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰাৰ উপৰি ইতিমধ্যে একাধিকবাৰ ঘোষণা কৰিছে । কাৰণ পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বাচিত হোৱাত মন্ত্ৰীসভাত বৰাক উপত্যকা প্ৰতিনিধিশূন্য হৈ পৰে । গতিকে অতিশীঘ্ৰে বৰাকৰ এজন বিধায়কে মন্ত্ৰিত্ব লাভ কৰাটো নিশ্চিত ।
ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক্ষেত্ৰত উৎকণ্ঠা বাঢ়িছে মন্ত্ৰী হ'বলৈ প্ৰৱল তাড়নাত থকা বিধায়কৰ লগতে পদ হেৰুওৱাৰ ভয়ত থকা মন্ত্ৰীৰো । দিছপুৰৰ চৰ্চা অনুসৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়াত কমেও এজন মন্ত্ৰীৰ পদ কৰ্তন হ'ব । সেইজন কোন হ'ব তাকে লৈ নিৰ্দিষ্ট কেইজনমান মন্ত্ৰী গভীৰ উৎকণ্ঠাত ভুগিছে । মুখ্যমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত ইংগিত পোৱাৰ চেষ্টাও বহুতে কৰিছে ।
কি চৰ্চালৈ আহিছে বিধানসভা আৰু বাজপেয়ী ভৱন :
ইফালে মন্ত্ৰী হোৱাৰ বাসনা পুহি ৰখাৰ ভিতৰত অন্যতম হ'ল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । চৰ্চা অনুসৰি বিশ্বজিৎ দৈমাৰীৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যদিও এই মুহূৰ্তলৈ নিশ্চিতকৈ ক'ব পৰা পৰিৱেশ অহা নাই । সেই কাৰণে বিশ্বজিৎ দৈমাৰী গভীৰ উৎকণ্ঠাত আছে ৷
সেইদৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা বিধানসভা নিৰ্বাচনলৈ সভাপতি হৈ থকাটোৱে বিচাৰিছে দলৰ কেন্দ্ৰীয় নেতৃত্বই । এই ইংগিত ইতিমধ্যে কলিতাই লাভ কৰিছে আৰু তাকে লৈ তেওঁ কিছু পৰিমাণে বিমর্ষ বুলিও চৰ্চিত হৈছে ।
ইফালে মন্ত্ৰিত্বৰ আশা পুহি ৰখা ভৱেশ কলিতাই যিকোনো মুহূৰ্ততে সভাপতিৰ পদ তেওঁৰ উত্তৰাধিকাৰীক হস্তান্তৰ কৰিবলৈ নিজকে সাজু কৰি ৰাখিছে । আনহাতে ভৱেশ কলিতাৰ পৰা দায়িত্ব গ্ৰহণ কৰিবলৈ একাধিক নেতাই ইচ্ছা প্ৰকাশ কৰিছে । ইয়াৰ ভিতৰত মন্ত্ৰীও আছে ।
কেইবাটাও বিভাগৰ দায়িত্ব বহন কৰিবলগীয়া হৈছে কেইবাগৰাকী মন্ত্ৰীয়ে :
লক্ষণীয় বিষয় যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে বিভিন্ন মন্তব্য আগবঢ়াই আহিছে । বিগত জুলাই মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰা অনুসৰি ১৫ আগষ্টতে নতুন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লাগিছিল । কিন্তু সেয়া বাস্তৱায়িত নহ'ল ।
এইবাৰ পুনৰ চৰ্চালৈ আহিছে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰসংগ । এইবাৰ এই প্ৰসংগই অসম বিধানসভাৰ লগতে বাজপেয়ী ভৱনকো স্পৰ্শ কৰিছে । ইয়াৰ কাৰণ হৈছে যে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নাম চৰ্চিত হৈছে ।
উল্লেখ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ প্ৰায় ডেৰ বছৰ সময় আছে । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চৰকাৰৰ কাম-কাজৰ গতিও স্বাভাৱিকতে ত্বৰান্বিত হয় । ইফালে নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰে এতিয়াৰ পৰাই তৎপৰতা বৃদ্ধি কৰিছে । গতিকে বিৰোধী দলৰ তৎপৰতাৰ লগে লগে চৰকাৰৰো তৎপৰতা বৃদ্ধি হ'ব । ইতিমধ্যে তেনে তৎপৰতা চৰকাৰৰ মাজত আৰম্ভ হৈছে ।
এনে পৰিৱেশত মন্ত্ৰীসকলৰ দায়িত্ব যিহেতু বৃদ্ধি হৈছে, সেয়েহে খালী থকা পদবোৰো পূৰণ কৰাটো একপ্ৰকাৰ জৰুৰী হৈ পৰিছে । মুখ্যমন্ত্ৰীক বাদ দি বর্তমান অসম চৰকাৰত থকা মন্ত্ৰীৰ সংখ্যা হ'ল ১৪ গৰাকী । চাৰিটা পদ এতিয়াও খালী আছে । তেনেস্থলত চাৰিজন মন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব বৰ্তমানৰ মন্ত্ৰীসকলেই বহন কৰিবলগীয়া হৈছে । যাৰ ফলত সংশ্লিষ্ট মন্ত্ৰীসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাইছে ।
বহুকেইটা বিভাগৰ দায়িত্ব এজনৰ ওপৰত থকাত চাপো বৃদ্ধি পাইছে । তেনেস্থলত পদ পূৰণৰ পূৰ্ণ সম্ভাৱনা আছে। বৰাকৰ পৰা এজন মন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত । এইখিনিতে উত্থাপিত প্ৰশ্নটো হ'ল যে মন্ত্ৰী হোৱাৰ সৌভাগ্য আৰু কাৰ হ'ব । অৱশ্যে ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিব লাগিব ।
লগতে পঢ়ক : গো-হত্যা কৰি চামগুৰিত জয়ী হৈছে বিজেপি: ভূপেন বৰা |