ৰমেন বৰুৱাৰ সংগীত পৰিচালনাৰে কেইটিমান চিৰসেউজ গীত - MUSIC DIRECTOR RAMEN BARUA SONGS
2024 চনটোৰ এটা আটাইতকৈ দুখলগা খবৰ হ’ল বিশিষ্ট সংগীত পৰিচালক তথা কণ্ঠশিল্পী ৰমেন বৰুৱা সন্ধানহীন হোৱাটো ৷ এনে এগৰাকী শিল্পী, যাৰ গীত এতিয়াও জনপ্ৰিয় ৷
By ETV Bharat Entertainment Team
Published : Nov 28, 2024, 5:31 PM IST
হায়দৰাবাদ: ৰমেন বৰুৱা, যাৰ নাম শুনিলেই মনলৈ আহে বহু সুমধুৰ গীত কলি, সেই ৰমেন বৰুৱা অকস্মাতে অসমীয়া সমাজ জীৱনৰ পৰা নাইকিয়া হৈ যোৱাটো এক দুৰ্ভাগ্যজনক ঘটনা ৷ চলিত বছৰৰ 22 জুলাইৰ পৰা সন্ধানহীন হৈ আছে সংগীত পৰিচালক তথা কণ্ঠশিল্পীগৰাকী ৷ তেওঁ সন্ধান হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে তোলপাৰ লাগে ৰাজ্যৰ সাংস্কৃতিক মহলত ৷ প্ৰতিজনেই তেওঁৰ সুস্বাস্থ্য কামনা কৰি তেওঁ সুকলমে ঘূৰি আহিবলৈ প্ৰাৰ্থনা কৰে ৷
অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগৱঢ়োৱা সংগীত পৰিচালক তথা কণ্ঠশিল্পী ৰমেন বৰুৱাৰ বহু কম বয়সতে আৰম্ভ হৈছিল সাংস্কৃতিক যাত্ৰা ৷ 19 বছৰ বয়সতে তেওঁ জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনাত নামে ৷ 1959 চনত মুক্তি পোৱা নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি ‘আমাৰ ঘৰ’ত সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই । ইয়াৰ পিছত 1969 চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱাৰ ‘ডক্তৰ বেজবৰুৱা’ ছবিখনত তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে । এই ছবিখনৰ সুৰীয়া গীতসমূহ ছবিখন ছুপাৰহিট হোৱাৰ অন্যতম কাৰণ আছিল । সংগীত পৰিচালকগৰাকীয়ে দুখন বাংলা ছবিকে ধৰি মুঠ 27 খন ছবিত স্বতন্ত্ৰৰূপে সংগীত পৰিচালনা কৰিছে ৷ বাংলা ছবি দুখন আছিল অসমীয়া ছবি সোণমা আৰু ককাদেউতা নাতি আৰু হাতীৰ বাংলা ৰিমেক । ৰমেন বৰুৱা এগৰাকী সংগীত পৰিচালক হিচাপেই নহয়, এগৰাকী কণ্ঠশিল্পী হিচাপেও জনাজাত আছিল ৷ তেখেতে মুঠ 5 খন অসমীয়া ছবিত কণ্ঠদান কৰিছে ৷ বৰুৱাই প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল স্মৃতিৰ পৰশ ৷ এই ছবিখন 1955 চনত নিপ বৰুৱাই পৰিচালনা কৰিছিল ৷
আহকচোন তেওঁৰ পৰিচালনাত নিৰ্মিত কেইটিমান গীতৰ মাজলৈ ঘূৰি যাওঁ ৷ এই গীতসমূহ আপোনালোকে ইউটিউবতে উপভোগ কৰিব পাৰিব ৷
কাক বুলিলোঁ কোনে নিজে গাত পাতি ল'লে চা
1980 চনত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ‘আজলী নবৌ’ ছবিখনৰ এটি জনপ্ৰিয় গীত ৷ গীতটিত কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱা আৰু ৰুণজুন ফুকনে ৷ গীতৰ কথা আছিল কেশৱ মহন্তৰ ৷
জিলিকি জিলিকা তৰা আকাশৰে
1969 চনত মুক্তি পোৱা ব্ৰজেন বৰুৱা পৰিচালিত ‘ডক্তৰ বেজবৰুৱা’ ছবিখনৰ এটা অতিকে জনপ্ৰিয় গীত ৷ গীতটিত কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱাই ৷ এইখন আছিল প্ৰথম অসমীয়া ডিটেকটিভ চলচ্চিত্ৰ, য’ত দ্বৈত চৰিত্ৰৰ সৈতে দৰ্শকক পৰিচয় কৰোৱা হৈছিল ৷
কি নাম দি মাতিম
‘ডক্তৰ বেজবৰুৱা’ৰে আন এটা গান, যিটো খুবেই জনপ্ৰিয় হৈছিল ৷ গীতৰ কথা আছিল নিৰ্মলপ্ৰভা বৰদলৈৰ ৷ কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰই ৷
মইনা কোন বিধাতাই সাজিলে
কাৰোবাৰ চকুজুৰিক প্ৰশংসাৰে উপচাই দিবলৈ হ’লেই মনলৈ আহে এই গীতটি ৷ মইনা কোন বিধাতাই সাজিলে... ৷ গাইছিল দ্বীপেন বৰুৱা আৰু ৰেণু বৰুৱাই ৷ ব্ৰজেন বৰুৱা পৰিচালিত এই ছবিখনে ‘শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)’ লাভ কৰিছিল ৷
পোহনীয়া চৰাইটি উৰিলে, বিচাৰি পাবলৈ নাই
1983 চনত মুক্তি পোৱা ককাদেউতা নাতি আৰু হাতী ছবিখনৰ এই গীতটি সেই সময়ত বহু জনপ্ৰিয় হৈছিল ৷ গীতটি আজিৰ প্ৰজন্মৰ মাজতো সমানেই প্ৰিয় ৷ দ্বিপেন বৰুৱা, কোকিলা গোস্বামীয়ে কণ্ঠদান কৰা এই গীতটি লিখিছিল কেশৱ মহন্তই ৷
লগতে পঢ়ক : ৰমেন বৰুৱাই কেতিয়াও অহেতুক কথা পতা নাছিল : পুলক বেনাৰ্জী - Pulak Banerjee on Ramen Baruah