ধিক জীৱশ্ৰেষ্ঠ ! দহদিনীয়া সদ্যোজাতৰ মৃতদেহ পেলালে নদীৰ পাৰত - Kokilamukh Jorhat
🎬 Watch Now: Feature Video


Published : Feb 21, 2024, 10:45 PM IST
যোৰহাট, 21 ফেব্ৰুৱাৰী: যোৰহাটৰ ককিলামুখত মানৱ সমাজক লজ্জানত কৰা ঘটনা ৷ ব্ৰহ্মপুত্ৰৰ মাথাউৰি কাষৰ হাবিত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । নৱজাতকটিৰ দেহত লাগি আছে JMCH ৰ নাম সম্বলিত ষ্টিকাৰ ।
যোৰহাটৰ উত্তৰ প্ৰান্তৰ ককিলামুখত সংঘটিত হৈছে ঘটনাটো ৷ পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত মৃত শিশুটিক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ শিশুটিৰ হাতত লাগি থকা যোৰহাট মেডিকেল কলেজ ও হাস্পতালৰ ষ্টীকাৰত য’ত পিতৃৰ নাম অনিল পেগু আৰু মাতৃৰ নাম তোন্তি পেগু বুলি লিখা আছে ।
শিশুটি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে মৃত শিশুটিৰ কাষতেই আছে জন্মৰ তথ্য ৷ ১২ ফ্ৰেব্ৰুৱাৰীত শিশুটিৰ জন্ম হোৱাৰ তথ্য লাভ কৰা গৈছে ৷ ইতিমধ্যে শিশুটিৰ মৃতদেহ যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক: যোৰহাটত দুই পুত্ৰৰ চৰম অৱহেলাত মৃত্যুৰে যুঁজিছে এগৰাকী বৃদ্ধাই