চিলাপথাৰত নেতাজীৰ জন্মজয়ন্তী উদযাপন

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:26 PM IST

thumbnail

জোনাই,২৩ জানুৱাৰী: আজি বিশ্ব বৰেণ্য স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী । দেশৰ বিভিন্ন প্ৰান্তত আজি বীৰ সৈনিকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্নজনে । ধেমাজি জিলা বাঙালী ফেডাৰেশ্যনৰ উদ্যোগত চিলাপথাৰতো উদযাপন কৰা হয় নেতাজী জন্মজয়ন্তী । পুৱা ফেডাৰেশ্যনৰ ৰাজ্যিক কাৰ্যকৰী সম্পাদক বিপ্লৱ দাসে আজাদ হিন্দ ফৌজৰ পতাকা উত্তোলনৰে আৰম্ভ হোৱা কাৰ্যসূচীত ভৈৰৱপুৰ বজাৰস্থিত নেতাজীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বীৰ যোদ্ধা নেতাজীৰ প্ৰতি ।  

ইয়াৰ পাচতে ভৈৰৱপুৰ বজাৰৰ পৰা চেঙাজানলৈ প্ৰায় বিশ কিলোমিটাৰ এক বিশাল বাইক ৰেলী বাহিৰ কৰে ফেডাৰেশ্যনৰ কৰ্মকৰ্তাসকলে । ব্ৰিটিছ আধিপত্যৰ পৰা ভাৰতবৰ্ষক স্বাধীনতা অনা বীৰ যোদ্ধাগৰাকীক যিদৰে চৰকাৰে সন্মান দিব লাগিছিল সেইদৰে দিয়া হোৱা নাই বুলি অভিযোগ তুলি নেতাজীৰ জীৱনৰ ওপৰত এখনি বহুভাষিক ইতিহাস সমৃদ্ধ গ্ৰন্থ প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী জনায় ফেডাৰেশ্যনে । 

লগতে পঢ়ক: হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.