বিশ্বকৰ্মাৰ আশীষ লৈ নগাঁও আৰক্ষীয়ে কৰিলে অস্ত্ৰ পূজা - Vishwakarma Puja 2024

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 8:02 PM IST

thumbnail
একেলগে পূজা কৰা হ'ল বহুকেইটা অত্যাধুনিক মাৰণাস্ত্ৰৰ (ETV Bharat Assam)

নগাঁও,১৭ ছেপ্টেম্বৰ: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । এই উপলক্ষে চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশে । বিশ্ব খনিকৰৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্য । ইয়াৰ মাজতে নগাঁৱত পূজা কৰা হয় বহুকেইটা অত্যাধুনিক মাৰণাস্ত্ৰৰ । মঙলবাৰে অন্যান্য প্ৰান্তৰ লগতে নগাঁও আৰক্ষী ছাউনিতো আয়োজন কৰা হয় বিশ্বকৰ্মা পূজা । নগাঁও আৰক্ষীয়ে ব্যৱহাৰ কৰা পিষ্টলৰ পৰা এছ এল আৰ লৈকে পূজা কৰা হয় বিশ্ব কৰ্মা পূজাৰ দিনটোত ।  

আৰক্ষীয়ে ব্যৱহাৰ কৰা মাৰণাস্ত্ৰ লগত লৈ বিশ্বকৰ্মা পূজাত অংশগ্ৰহণ কৰে নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰা কনিষ্টবললৈকে প্ৰতিগৰাকী লোকে । বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও আৰক্ষী ছাউনিতো উখল-মাখল পৰিৱেশ বিৰাজ কৰে বিশ্বকৰ্মা পূজা উপলক্ষে ।

লগতে পঢ়ক: গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত ভক্তৰ ভিৰ; জখলাবন্ধাত অসমীয়া সাজত বিশ্ব খনিকৰৰ প্ৰতিমা - Vishwakarma Puja 2024

অসমতে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰটোৰ বিষয়ে জানেনে ? - Vishwakarma Puja 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.