পৰম্পৰা ৰক্ষা কৰি হাঁহে-মাহে এসাজ খালে ৰাইজে - NA KHOWA UTSAV
🎬 Watch Now: Feature Video
Published : 3 hours ago
বাইহাটা: চহা কৃষকে এতিয়া সোণগুটি চপোৱাত ব্যস্ত । বছৰটোৰ শ্ৰম নিয়োজিত হৈ আছে এই সোণগুটি চপোৱাত । ইতিমধ্যে ইয়াৰ লগত সংগতি ৰাখিয়ে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে অসমীয়া কৃষি-সংস্কৃতিৰ লগত জড়িত ন-খোৱা উৎসৱ । ইয়াৰ সমান্তৰালকৈ বাইহাটা চাৰিআলিৰ সমীপৰ সাজেই দগাঁও চ'কত দেওবাৰে নিশা অনুষ্ঠিত কৰা হয় ন-খোৱা উৎসৱ ।
কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ উদ্যোগত এই ন-খোৱা উৎসৱ অনুষ্ঠিত হয় । বাইহাটা চাৰিআলি অঞ্চলত বিলুপ্তিৰ ফালে ধাৱমান এই ন-খোৱা উৎসৱক জীয়াই ৰখাৰ উদ্দেশ্যে সাজেই দগাঁও চ'কত ৰাজহুৱাভাৱে এই উৎসৱ অনুষ্ঠিত কৰা হয় ।
এই অনুষ্ঠানৰ মাজতে প্ৰাক্তন বিধায়কগৰাকীয়ে কয়,"অসমীয়া কৃষিকৰ্মৰ লগত জড়িত এই ধৰণৰ উৎসৱ সমাজ জীৱনৰ পৰা লাহে লাহে বিলুপ্ত হোৱাৰ পথত । সেইবাবে এনেদৰে ন-খোৱা উৎসৱ অনুষ্ঠিত কৰি অসমীয়াৰ কৃষি-সংস্কৃতি চহকী কৰি ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।"