thumbnail

মহিলাৰ মৃতদেহ উদ্ধাৰ; বাঘজানত ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ - Mysterious death case

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 1:06 PM IST

তিনিচুকীয়া, ৬ জুন : তিনিচুকীয়া জিলাৰ বাঘজানৰ ই পি এছৰ সমীপত বৃহস্পতিবাৰে পুৱাই উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ ৩১ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ পুখুৰীত উদ্ধাৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।

স্থানীয় লোক তথা পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, আজি পুৱা প্ৰায় ৫ বজাত নদীত মাছ ধৰিবলৈ যোৱা স্থানীয় ব্যক্তিয়ে প্ৰথমে পুখুৰীত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ তাৰ পাচতে উপস্থিত ৰাইজে খবৰ দিয়ে পৰিয়ালৰ লোকক ৷ আনকি ঘটনাৰ খবৰ লাভ কৰি উক্ত স্থানত বাঘজান আৰক্ষী আৰু গুইজান আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷

মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷ কিয়নো মহিলাগৰাকীয়ে পৰিধান কৰা কাপোৰসমূহ কাষতে পৰি আছিল ।

পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি, বুধবাৰে বিয়লি প্ৰায় ৬ বজাত ঘৰৰ পৰা মহিলাগৰাকীয়ে আন এগৰাকী মহিলাৰ দোকানত থাকিবলৈ বুলি ওলাই গৈছিল ৷ কেৱল কালিয়ে নহয়, ইয়াৰ পূৰ্বেও উক্ত দোকানখনলৈ যায় মহিলাগৰাকীয়ে । কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ৷

লগতে পঢ়ক : ধৰ্ষণৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী নাসেৰ আলী - Attempt to rape case in Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.