মন্দিৰৰ সমীপৰে গো-মাংস কঢ়িওৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইছলাম ধৰ্মাৱলম্বী যুৱক - TENSE SITUATION AT NOONMATI

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 7:00 AM IST

Updated : Aug 13, 2024, 9:01 AM IST

thumbnail
মন্দিৰৰ সমীপৰে গো-মাংস কঢ়িওৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইছলাম ধৰ্মাৱলম্বী যুৱক (ETV Bharat Assam)

গুৱাহাটী, 13 আগষ্ট: সোমবাৰৰ সন্ধিয়া উত্তপ্ত পৰিস্থিতি মহানগৰীৰ নাৰেংগীৰ বীৰকুছিত ৷ নিশা প্ৰায় 8.30 মান বজাত মন্দিৰৰ ভিতৰত এজন যুৱকে গো-মাংস ৰখাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । 

জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় 8.30 মান বজাত বীৰকুছিত নিৰ্মাণৰত এটা অট্টালিকাৰ শ্ৰমিক হিচাপে নিয়োজিত এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে ছয়মাইলৰ পৰা ক্ৰয় কৰি আনিছিল গো-মাংস । যুৱকজনে মাংসখিনি লৈ নাৰেংগীৰ ৰে’ল আলি পাৰ হৈ বীৰকুছি অভিমুখে আহি থকাৰ সময়তে ৰে’ল লাইনৰ গাতে লাগি থকা শিৱ মন্দিৰৰ সমীপত কেইজনমান বন্ধুক লগ পায় ।

বন্ধু কেইজনৰ সৈতে কথা পাতি থাকোতে বজৰং দলৰ কেইজনমান সদস্যই যুৱকজনে হাতত থকা পলিথিনটোৰ ভিতৰত গো-মাংস অনাটো ধৰা পেলায় । ইয়াকে লৈ অঞ্চলজুৰি সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ ৷ 

স্থানীয় একাংশ উত্তেজিত লোকে ইছলাম ধৰ্মাৱলম্বী যুৱকজনৰ হাত-ভৰিত ৰচীৰে বান্ধি মন্দিৰৰ সমীপৰে কিয় গো-মাংস কঢ়িয়াব, বুলি প্ৰশ্ন উত্থাপন কৰি উত্তম-মাধ্যম শোধায় । 

পৰৱৰ্তী সময়ত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হামিদুল হক নামৰ শ্ৰমিকজনক ৷

লগতে পঢ়ক: ডবকাত আৰক্ষীৰ গুলীত আহত গো-মাংস ব্যৱসায়ী, আটক ৭ - Encounter in Doboka

জয়পুৰৰ তাঁতী পথাৰত চুৰি গৰুসহ গো মাংস জব্দ; পলাতক অভিযুক্ত

Last Updated : Aug 13, 2024, 9:01 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.