পুত্ৰ তাঞ্জিলক লৈ চামগুৰিত আধাৰশিলা স্থাপন সাংসদ ৰকিবুল হুছেইনৰ - MP RAKIBUL HUSSAIN
🎬 Watch Now: Feature Video


Published : Oct 14, 2024, 10:47 PM IST
চামগুৰি, ১৪ অক্টোবৰ: অসমৰ পাঁচ সমষ্টিত বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ মাজত তুংগত উঠিছে আধাৰশিলা স্থাপনৰ ৰাজনীতি ৷ সোমবাৰে সাংসদ ৰকিবুল হুছেইনে পুত্ৰ তাঞ্জিল হুছেইন আৰু গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লাক লগত লৈ চামগুৰি সমষ্টিত কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে ৷
সাংসদ ৰকিবুল হুছেইনে আধাৰশিলা স্থাপন কৰি শাসকীয় বিজেপি কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, " ২০২৬ চনৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব ৷ মুছলমানৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ওচৰত হাতযোৰ কৰি ভোট বিচাৰিছে ৷ এয়া বিজেপিৰ দুমুখীয়া চৰিত্ৰ আৰু সেয়া ৰাইজে এতিয়া বুজি উঠিছে ।"
তেওঁ লগতে কয়, "বিজেপিক ভোট দিলে পাপে চুব, কংগ্ৰেছত ভোট দিলে পূণ্য হ’ব ৷ গতিকে ৰাইজ পাপ নকৰি পূণ্য কৰিব ।" ইফালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ প্ৰসংগত তেওঁ কয় যে উপ-নিৰ্বাচনত চামগুৰিত কংগ্ৰেছ জয়ী হ’লে ৫০টা হিমন্ত বিশ্ব শৰ্মায়ো এডালো নোম লৰাব নোৱাৰে । তেওঁ লগতে হুইছেল মৰা খেল হ’লে চামগুৰিত বিজেপি জিকিব আৰু আৱেগ অনুভূতিৰ খেল হ’লে কংগ্ৰেছ জিকিব বুলি মন্তব্য কৰে ।