thumbnail

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 7:06 PM IST

ETV Bharat / Videos

লখিমপুৰত সাংসদ প্ৰদান বৰুৱাক দলীয় কৰ্মীৰ আদৰণি - MP Pradan Baruah

লখিমপুৰ, 18 জুন : পুনৰবাৰ সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পিচতে লখিমপুৰত প্ৰদান বৰুৱাক আদৰণি জনোৱা হয় মঙলবাৰে ৷ এটা উপ-নিৰ্বাচনকে ধৰি একেৰাহে তিনিটা নিৰ্বাচনত ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰে বিজেপিৰ প্ৰদান বৰুৱাই ৷

বিগত দুটাকৈ নিৰ্বাচনৰ তুলনাত সদ্য ফলাফল ঘোষণা কৰা অষ্টাদশ লোকসভা নিৰ্বাচনত সমষ্টিটোত বিৰোধীৰ লক্ষ্যনীয় উত্থান ঘটিলেও বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই লক্ষাধিক ভোটত পৰাস্ত কৰি বিজয়মাল্য ধাৰণ কৰে ৷ তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰদান বৰুৱাক মঙলবাৰে লখিমপুৰত উষ্ণ আদৰণি জনাই দলীয় কৰ্মীসকলে ।

লখিমপুৰ নগৰ এলেকাৰ চিডি ৰোডৰ ৰংগমঞ্চত আয়োজন কৰা এখন সভাত সাংসদগৰাকীক দলীয় কৰ্মীসকলে সম্বৰ্ধনা জনায় । সম্বৰ্ধনা গ্ৰহণ কৰি সাংসদ প্ৰদান বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি, অগপ, গণশক্তি আদি মিত্ৰদলৰ নেতা-কৰ্মী তথা ৰাইজক ধন্যবাদ জনায় । লখিমপুৰৰ বিধায়ক মানৱ ডেকাকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: ৩ বছৰত বিধানসভাত এটাও লিখিত প্ৰশ্ন নকৰা দুগৰাকী সংসদলৈ ! 

অনাগত সময়ত সাংসদগৰাকীয়ে সক্ৰিয়তাৰে কম সময়ৰ ভিতৰতে ৰাইজৰ ওচৰলৈ যাব বুলিও কয় । ইতিমধ্যে চলি থকা চৰকাৰী আঁচনিসমূহ খৰতকীয়াকৈ ৰূপায়ণ কৰাৰ ব্যবস্থা কৰা হ’ব বুলি সাংসদগৰাকীয়ে কয় । তদুপৰি তেওঁ কয় যে চৰকাৰী গৃহ প্ৰদান আঁচনিৰ ত্ৰিশ শতাংশ কাম কৰিবলৈ থাকি গ’ল । এশ শতাংশ কৰিব পৰাহেঁতেন তেওঁ বেছি সুখী হ’লহেঁতেন বুলি অনুভৱ ব্যক্ত কৰে ।

পিএম কিষাণ আঁচনিৰ ৰূপায়ণত অধিক গুৰুত্ব দিয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগিব বুলি মন্তব্য কৰে প্ৰদান বৰুৱাই ৷

লগতে পঢ়ক: বিধায়ক পদ ত্যাগ কৰি আবেগিক ৰঞ্জিত দত্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.