thumbnail

যোৰহাট লোকসভা সমষ্টিত জিকিব বুলি আত্মবিশ্বাসী সাংসদ গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 6:54 AM IST

যোৰহাট, 17 মাৰ্চ: যোৰহাট লোকসভা সমষ্টিত জোৰদাৰ নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে । দেওবাৰে নিশাৰ ভাগত মৰিয়নী সমষ্টিত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে চেলেংহাটত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাত উপস্থিত থাকে সাংসদগৰাকী ৷ আনহাতে, প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ দিন 19 এপ্ৰিলত ঘোষণা কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । 

উজনি অসমত নিৰ্বাচন বিহুৰ আগতে হ'ব লাগিছিল বুলি উল্লেখ কৰি সংসদগৰাকীয়ে কয়, "উজনি অসমত সদায় নিৰ্বাচন বিহুৰ আগতেই অনুষ্ঠিত হয় ৷ বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিব লাগিছিল । কিন্তু ৰাজ্য চৰকাৰে অসমীয়াৰ আৱেগ আৰু অনুভূতি বুজি নাপালে । অসমীয়াৰ আৱেগ-অনুভূতি বুজি নোপোৱা বিজেপি চৰকাৰক ইয়াৰ উচিত প্ৰতুত্তৰ নৱপ্ৰজন্মই দিব ।"

সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত তেওঁ জিকিবই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: বিহুৰ পিচতেই ভোটযুদ্ধ: অসমত তিনিটা পৰ্যায়ত ক’ত কেতিয়া নিৰ্বাচন ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.