ৰঘুবেন্দ্র কুমাৰ গুপ্তাৰ হত্যাৰে জড়িতৰ অভিযোগত মাতৃ-পুত্ৰক গ্ৰেপ্তাৰ - Murder case in Guwahati
🎬 Watch Now: Feature Video
Published : Jul 14, 2024, 8:48 PM IST
গুৱাহাটী, ১৪ জুলাই : ট্ৰেন্সপৰ্ট এজেন্ট ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাৰে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ মাতৃ-পুত্ৰ । জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজা দেবৰয় আৰু মাতৃ ৰীণা ৰয়ক ।
ৰে’লযোগে সামগ্ৰী চালান দিয়াৰ উদ্দেশ্যে কামাখ্যা ষ্টেচনলৈ যোৱা অৱস্থাত ৮ জুলাইৰ নিশাৰ পৰা সন্ধানহীন হৈছিল উত্তৰ প্ৰদেশন ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা । ৩৪ বছৰীয়া ট্ৰেন্সপর্ট এজেন্টগৰাকীৰ মৃতদেহ যোৱা ১১ জুলাইত কামাখ্যা ষ্টেচনৰ সমীপৰ গ্ৰীণ পার্ক কলনিৰ বস্তি এলেকাত উদ্ধাৰ হৈছিল । ৰাজা দেৱৰয় নামৰ যুৱকজনৰ পৰিয়ালে বাস কৰা ভাৰাঘৰৰ সমীপতে উদ্ধাৰ হৈছিল ৰঘুবেন্দ্ৰৰ মৃতদেহ । এই তথ্যৰ আধাৰতে আৰক্ষীয়ে ১১ জুলাইৰ নিশা ৰাজা দেবৰয়, তেওঁৰ মাতৃ, ভগ্নী, পত্নী আৰু ভিনিহিয়েক গকুল ফুকনক মঙলদৈৰ পৰা আটক কৰিছিল ।
মাৰাথন জেৰাৰ অন্তত আৰক্ষীয়ে ৰাজা দেবৰয় আৰু তেওঁৰ মাতৃ ৰীণা ৰয়ক শনিবাৰে গ্ৰেপ্তাৰ কৰে ৷ এই হত্যাকাণ্ডৰ আঁৰত পৰকীয়া প্ৰেম নাইবা নাৰীজনিত কেলেংকাৰীৰ ঘটনা জড়িত থকা বুলি আৰক্ষী প্ৰায় নিশ্চিত হৈছে যদিও অভিযুক্তৰ মুখৰ পৰা সকলো কথা উলিয়াব নোৱৰা পর্যন্ত এই হত্যাকাণ্ডক লৈ আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই ।
অতি পৰিকল্পিতভাৱে বাজা দেৱৰয়ে আন অভিযুক্তৰ সহযোগত ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাক হত্যা কৰা বুলি আৰক্ষী নিশ্চিত হৈছে ।
লগতে পঢ়ক : সুৰাত মাতাল স্বামীয়ে ডিঙি চিপি হত্যা কৰিলে পত্নীক