জোনাইত এসপ্তাহে কৃত্ৰিম বানত আৱদ্ধ কুৰিটা পৰিয়াল - Flash Flood in Jonai - FLASH FLOOD IN JONAI
🎬 Watch Now: Feature Video


Published : Jul 7, 2024, 4:44 PM IST
জোনাই,৭ জুলাই: জোনাইৰ বিভিন্ন অঞ্চলত সংহাৰী বানে প্লাবিত কৰাৰ মাজতে প্ৰায় সপ্তাহ দিন ধৰি কৃত্ৰিম বানত আৱদ্ধ হৈ আছে জোনাইৰ বেৰা চাপৰি অঞ্চলৰ তাৰি মাজগাঁৱৰ বিশটাতকৈও অধিক পৰিয়াল । খোৱাপানীৰ লগতে বিভিন্ন খাদ্য সমস্যাত ভুগিছে কৃত্ৰিম বানত আৱদ্ধ হোৱা পৰিয়ালকেইটাই । তাৰ সমান্তৰালভাৱে আৱদ্ধ হোৱা লেতেৰা পানীয়ে কণ কণ শিশুসকলৰ লগতে অঞ্চলটোৰ বহু ব্যক্তিয়ে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।
ইফালে ঘৰৰ ভিতৰলৈকে একাঠুলৈ পানী হোৱাত নিশা উজাগৰে থকাৰ লগতে টেবুল অথবা চাং সাজি খাদ্য প্ৰস্তুত কৰিবলগীয়া হৈছে । গাঁৱখনত চাৰিও দিশে নিৰ্মাণ কৰা মথাউৰিটো কোনো পৰিকল্পিতভাৱে নিৰ্মাণ নকৰাৰ বাবেই বিগত কেইবছৰ পৰা এইদৰে কৃত্ৰিম বানৰ কবলত পৰিবলগীয়া বুলি জানিবলৈ দিয়ে গাঁৱখনৰ ভুক্তভোগী ৰাইজে ।