গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ কিয় গৈছিল বিধায়িকা শিৱামণি বৰা ? - MLA Sibamoni Bora

🎬 Watch Now: Feature Video

thumbnail

নগাঁও, 23 মাৰ্চ: নগাঁও লোকসভা সমষ্টিৰ পৰাও প্ৰাৰ্থিত্ব বিচাৰিছিল গৌৰৱ গগৈয়ে ৷ কিন্তু যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিলে সাংসদগৰাকীয়ে ৷ যোৰহাটত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাক লৈ সৰৱ চর্চা অব্যাহত আছে সংবাদ মাধ্যমত ।

কিন্তু নগাঁও এৰি কিয় যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল বিধায়িকা শিবামনি বৰা ? সঁচাকৈয়ে শিবামণি বৰাই এৰিছে নেকি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সংগ ? বিধায়িকা শিবামণি বৰাৰ ঘনিষ্ঠ কৰ্মীয়ে সঁচাকৈয়ে যোগদান কৰিছে নেকি বিজেপিত ?

প্ৰাক্তন কংগ্ৰেছী তথা বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই সমৰ্থন আদায় কৰিবলৈ সক্ষম হ'ব নেকি কংগ্ৰেছীৰ ? নগাঁৱত এ আই ইউ ডি এফ দলে কিয় দিছে প্ৰাৰ্থিত্ব ? কাক জয়ী কৰোৱাই মূল লক্ষ্য এ আই ইউ ডি এফৰ ? ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত সকলো কথা স্পষ্টকৈ ক’লে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামণি বৰাই ।

লগতে পঢ়ক: ৰাজনৈতিক ক্ষেত্রত সৰ্বানন্দ বনাম লুৰীণজ্যোতি: দুই প্ৰাক্তন আছু নেতাৰ বিচাৰ কৰিব ডিব্ৰুগড়বাসীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.