ৰঙে-ৰসে মৰিগাঁৱত আৰম্ভ বৰ্ণিল ৰাস - RAAS MAHOTSAV 2024
🎬 Watch Now: Feature Video
Published : Nov 15, 2024, 3:46 PM IST
মৰিগাঁও : আজি ৰাস পূৰ্ণিমা ৷ আজিৰে পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ৰাস উৎসৱ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মৰিগাঁৱৰ দুৰিমাৰী, ভঁইৰাগুৰি, আঁহতগুৰি আৰু ঔজাৰি আঞ্চলিক ৰাস মণ্ডপটো আধ্যাত্মিক আৰু ভাতৃত্ববোধৰ এনাজৰীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হয় ।
দুৰিমাৰী, ভঁইৰাগুৰি, আঁহতগুৰি আৰু ঔজাৰি আঞ্চলিক ৰাস মণ্ডপত বিগত বৰ্ষৰ দৰে ৰাস উদযাপন সমিতিয়ে এই হীৰক জয়ন্তী উপলক্ষে পাঁচ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱৰ । প্ৰথম দিনাৰ কাৰ্যসূচী হিচাবে প্ৰথমে বন্তি প্ৰজ্জ্বলন কৰা হয় ৷ তাৰ পিছতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । লগতে ৮১খনকৈ পতাকা উত্তোলন কৰা হয় ।
বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । এই অনুষ্ঠানতে বিধায়ক দেউৰীয়ে সাংবাদিকৰ আগত কয়, ‘‘ভগৱান শ্ৰীকৃষ্ণই যাতে সুখ শান্তি কঢ়িয়াই আনে ৷ সকলো অপায়-অমংগল দূৰ কৰক, তাৰ বাবে ভগৱন্তৰ ওচৰত কামনা কৰিছো ।’’ এইবেলি মৰিগাঁও সমষ্টিত বিধায়কগৰাকীয়ে ১৩৫ খন ৰাসত উপস্থিত থাকিব বুলিও তেওঁ কয় ।
লগতে পঢ়ক : আজিৰ পৰা আৰম্ভ মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ |