চিচিবৰগাঁৱত সতী সাধনীৰ প্ৰতিমূৰ্ত্তি উন্মোচন বিধায়ক ভূৱন পেগুৰ - Sati Sadhani Diwas 2024 - SATI SADHANI DIWAS 2024
🎬 Watch Now: Feature Video
Published : Apr 20, 2024, 10:57 PM IST
জোনাই, ২০ এপ্ৰিল: ৰাজ্যবাসীয়ে আজি সুঁৱৰে চুতীয়াসকলৰ বীৰাংগনা সতী সাধনীক । ৰাজ্য়ৰ আন ঠাইৰ লগতে ধেমাজি জিলাৰ চিচিবৰগাঁও চৌখামটিং সাধনী ভৱনত আয়োজন কৰা হয় ৫০০ সংখ্যক বীৰাংগণা সাধনী স্মৃতি দিৱস । চুতীয়া জাতি সন্মিলনীৰ উদ্যোগত দিনজোৰাকৈ অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচী সতী সাধনীৰ প্ৰতিমূৰ্ত্তি উন্মোচনীৰে শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ভূৱন পেগুৱে । আনহাতে, মাল্যাৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী গিৰিণ চুতীয়াই ।
বিধায়ক সমষ্টি উন্নয়ন পূঁজিৰে প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ কৰা হৈছে । এই অনুষ্ঠানটোত বিধায়কগৰাকীয়ে সতী সাধনীৰ প্ৰেৰণা লৈ বৰঅসম গঢ়াৰ বাটত অগ্ৰসৰ হ'ব লগিব বুলি কয় । ইয়াৰ পিচতে স্থানীয় বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ অংশগ্ৰহণৰে উলিওৱা হয় বিশাল শোভাযাত্ৰা । ইফালে, বীৰাংগনা সতী সাধনী দিৱসৰ এই বিশেষ অনুষ্ঠানত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় ।
লগতে পঢ়ক:ঢকুৱাখনাত বীৰাংগনা সতী সাধনী দিৱস ২০২৪ উদযাপন - Sati Sadhani Diwas 2024