মুখ্যমন্ত্ৰীক অৰ্থবহ, মহাকাব্যিক নাম এটা দিয়া হ'ব: অখিল গগৈ - MLA AKHIL GOGOI
🎬 Watch Now: Feature Video


Published : Nov 20, 2024, 10:42 PM IST
লখিমপুৰ: শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰীক দিব অৰ্থ থকা-মহাকাব্যিক এটা নাম । ইতিমধ্যে তেওঁ এই নতুন নামটো গণনা কৰি প্ৰায় খাটাং কৰিছে । বুধবাৰে লখিমপুৰৰ চিলনীবাৰীত এক ৰাজহুৱা সভাত অংশগ্রহণ কৰি সাংবাদিকৰ আগত এই কথা উল্লেখ কৰিলে অখিল গগৈয়ে ।
তেওঁ কৰিমগঞ্জৰ নামটো শ্ৰীভূমি কৰাত মুখ্যমন্ত্রীক কটাক্ষ কৰি কয়,"মুখ্যমন্ত্রীয়ে ঐতিহাসিক নোহোৱা বা অভিধানত নথকা বাবে যদি কৰিমগঞ্জৰ নামটো সলাব পাৰে তেন্তে মুখ্যমন্ত্রীৰ নামটোও সলাব লাগিব । কাৰণ মুখ্যমন্ত্রীৰ নামটো কোনো অভিধানত নাই । তেওঁৰ গুৰু প্ৰাক্তন মুখ্যমন্ত্রী প্ৰয়াত তৰুণ গগৈৰ মুখতে নামটো শুদ্ধকৈ ফুটা নাছিল । সেয়ে মুখ্যমন্ত্রীৰ নামটো সলনি কৰাটো প্ৰয়োজন আৰু সেয়েহে অৰ্থবহ, মহাকাব্যিক এটা নাম দিয়া হ'ব ।"
সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে বিজেপি, কংগ্রেছ, এ আই ইউ ডি এফ আদি দলসমূহকো সমালোচনা কৰে । আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত সাম্প্রদায়িক বুলি অভিহিত কৰি বিজেপি আৰু এ আই ইউ ডি এফক ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । লখিমপুৰৰ ৰঙানদী সমষ্টিটো ৰাইজৰ দলে দখল কৰিবলৈ মৰণপন যুঁজ দিব বুলিও তেওঁ কয়। কংগ্রেছক বিশ্বাসঘাতক দলৰূপে অভিহিত কৰি তেওঁ শুদ্ধ পথলৈ আহিবলৈ আহ্বান জনায় ।