য'তে ত'তে ছেলফী উঠি থকাতকৈ মুখ্যমন্ত্ৰী বেঁকী নৈৰ পাৰলৈ আহক : অখিল গগৈ - Erosion in Kalgachia

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 5:16 PM IST

thumbnail
বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক অখিল গগৈৰ (ETV Bharat Assam)

কলগাছিয়া, ১৭ জুলাই: ৰাজ্যৰ বহু প্ৰান্তৰ সমান্তৰালভাৱে কলগাছিয়াতো বান আৰু গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । অভয়াপুৰীৰ পৰা শওঁপুৰ হৈ আমিনগাঁৱলৈ যোৱা ৰাজ্যিক ঘাইপথছোৱা বেঁকী নদীৰ খহনীয়াত সম্পূৰ্ণৰূপে নদীৰ বুকুত জাঁহ যোৱাৰ উপক্ৰম হৈছে । এনে সময়তে বুধবাৰে বেকী নৈৰ খহনীয়া পৰিদৰ্শন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।  

খহনীয়া পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈয়ে । অখিল গগৈয়ে কয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে উজনি অসমতকৈ নামনি অসমক গুৰুত্ব কমকৈ দিছে আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে নামনি অসমৰ জনপ্ৰতিনিধিসকলে বাহিৰে ভিতৰে যিদৰে হুলস্থুল কৰিব লাগিছিল সেইদৰে কৰিব পৰা নাই । নামনি অসমক বচাবলৈ হ'লে ঐক্যবদ্ধভাৱে চৰকাৰক বাধ্য কৰাব লাগিব বুলি উল্লেখ কৰে অখিল গগৈয়ে । অসমৰ বান পৰিস্থিতি ভয়ংকৰ হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ছেলফী নামাৰি বেঁকী নদীৰ পাৰলৈ আহি পৰিস্থিতিৰ বুজ লৈ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায় । 

লগতে পঢ়ক: বান-খহনীয়াত বিধ্বস্ত অসম : বছৰি গড়ে ধ্বংস হয় এশ কোটি টকা মূল্যৰ গৃহ - Flood in Assam

অতীত হোৱাৰ দিশে ২০০ বছৰীয়া ঐতিহাসিক বুঢ়াবুঢ়ী থান - Bank erosion of Brahmaputra

ভৰসা নাই জনপ্ৰতিনিধিৰ ওপৰত : কলগাছিয়াত ৰাইজৰ শ্ৰমদানেৰে খহনীয়া ৰোধৰ চেষ্টা - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.