ETV Bharat / politics

কংগ্ৰেছ কৰ্মীৰ মৃত্যু; ৰাজ্য চৰকাৰক সমালোচনা ৰাহুল-প্ৰিয়ংকাৰ, ন্যায়ৰ দাবী - CONGRESS WORKER DEATH IN GUWAHATI

অসম আৰু উত্তৰ প্ৰদেশত প্ৰতিবাদৰ সময়ত দুজন কংগ্ৰেছ কৰ্মীৰ মৃত্যুত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল আৰু প্ৰিয়ংকাৰ ।

Congress worker death in Guwahati
ৰাজ্য চৰকাৰক সমালোচনা ৰাহুল-প্ৰিয়ংকাৰ (ETV Bharat)
author img

By PTI

Published : Dec 19, 2024, 7:03 AM IST

নতুন দিল্লী : বিজেপিশাসিত অসম আৰু উত্তৰ প্ৰদেশত পুনৰ গণতন্ত্ৰ আৰু সংবিধান হত্যা কৰা হৈছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ বাবে দুয়োখন ৰাজ্যত দুজন দলীয় কৰ্মীৰ মৃত্যুৰ পিছত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰায়ো বিজেপিক আক্ৰমণ কৰি আৰু এই মৃত্যুৰ ঘটনাক 'অত্যন্ত হৃদয়স্পৰ্শী' বুলি অভিহিত কৰে ।

আনহাতে, ৰাহুল গান্ধীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁলোকে সম্পূৰ্ণ ন্যায় লাভৰ অধিকাৰ আছে বুলি উল্লেখ কৰে ।

"বিজেপিশাসিত অসম আৰু উত্তৰ প্ৰদেশত গণতন্ত্ৰ আৰু সংবিধান পুনৰ হত্যা কৰা হৈছে ।" X ৰ এটা পোষ্টত তেওঁ কয় ।

সমগ্ৰ দেশতে কংগ্ৰেছ দলে বাবাচাহেব আম্বেদকাৰ আৰু সংবিধানৰ সমৰ্থনত সত্যাগ্ৰহ কৰি আছে বুলিও তেওঁ উল্লেখ কৰে ।

এই সময়ছোৱাত গুৱাহাটীত আমাৰ কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম আৰু লক্ষ্ণৌত প্ৰভাত পাণ্ডেৰ মৃত্যু 'আৰক্ষীৰ আগ্ৰাসী মনোভাবৰ বাবে' আৰু ই অতি দুখজনক আৰু নিন্দনীয় । লোকসভাত বিৰোধী দলপতিগৰাকীয়ে কয় । ৰাহুল গান্ধীয়ে লগতে কয়, "কংগ্ৰেছৰ সিংহসকলে সত্য আৰু সংবিধানৰ বাবে যুঁজ অব্যাহত ৰাখিব ।"

আনহাতে, প্ৰিয়ংকা গান্ধীয়ে কয় যে বিজেপিয়ে সংসদত বাবা চাহেবক আৰু ৰাজপথত তেওঁৰ সংবিধানক আক্ৰমণ কৰিছে ।

"উত্তৰ প্ৰদেশত চলি থকা অপশাসনৰ বিৰুদ্ধে বিধানসভা ঘেৰাও কৰিবলৈ যোৱা কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বাবে আমাৰ এজন কৰ্মীৰ প্ৰাণ গৈছে । গোৰখপুৰৰ যুৱ কংগ্ৰেছ কৰ্মী প্ৰভাত পাণ্ডেজীৰ মৃত্যু অত্যন্ত হৃদয়স্পৰ্শী ।" তেওঁ X ৰ এটা পোষ্টত কয় ।

একেদৰে বিজেপি চৰকাৰে অসমত প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত লাঠিচালনা আৰু কন্দুৱা গেছৰ শেল ব্যৱহাৰ কৰাৰ ফলত মৃদুল ইছলামৰ মৃত্যু হয় । তেওঁ কয় ।

"বিজেপি চৰকাৰে কংগ্ৰেছ কৰ্মীসকলৰ বিৰুদ্ধে যিধৰণে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়াই ব্ৰিটিছৰাজৰ কথা মনত পেলাই দিয়ে । বিজেপিয়ে সংসদত বাবা চাহেবক আক্ৰমণ কৰি ৰাজপথত তেওঁৰ সংবিধান অৱমাননা কৰিছে ।" তেওঁ কয় ।

উল্লেখ্য যে কংগ্ৰেছ দলে দাবী কৰে যে মণিপুৰৰ অস্থিৰতা আৰু আদানি গ্ৰুপৰ বিৰুদ্ধে উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটীত এক প্ৰতিবাদৰ সময়ত কন্দুৱা গেছৰ ধোঁৱাৰ ফলত মৃদুল ইছলামৰ মৃত্যু হোৱাৰ উপৰি আন কেইবাজনো কংগ্ৰেছ কৰ্মী আঘাতপ্ৰাপ্ত হয় ।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই অৱশ্যে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব । লগতে ঘটনাটোত আন কোনো লোক আঘাতপ্ৰাপ্ত হোৱা বুলি ওলোৱা দাবীক অস্বীকাৰ কৰে ।

উল্লেখ্য যে আৰক্ষী আৰু কংগ্ৰেছ সমৰ্থকসকল হতাহতিত লিপ্ত হোৱাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা মাটিত বাগৰি পৰে আৰু তেওঁলোকক আটক কৰা হয় । অৱশ্যে পিছত মুকলি কৰি দিয়া হয় ।

আনহাতে, কংগ্ৰেছৰ আইনী কোষৰ সদস্য, ৪৫ বছৰীয়া অধিবক্তা মৃদুল ইছলামে তেওঁৰ গাত এটা কন্দুৱা গেছৰ শেল পৰাৰ ফলত শ্বাসৰুদ্ধ অনুভৱ কৰা বুলি দলৰ মুখপাত্ৰ বেদব্ৰত বৰাই দাবী কৰে ।

"তেওঁক লগে লগে ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । তাত তেওঁক মৃত ঘোষণা কৰা হয় ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই - CONGRESS WORKER DIES DURING PROTEST
লগতে পঢ়ক :কংগ্ৰেছৰ প্ৰতিবাদত অধিবক্তাৰ মৃত্যু: কি ক'লে আৰক্ষী আয়ুক্তই ? - GUWAHATI CONGRESS PROTEST TRAGEDY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.