বৰপেটাত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন - Chain Snatching

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 6:01 PM IST

thumbnail
মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন (ETV Bharat Assam)

বৰপেটা,৪ জুলাই: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে বৰপেটা চহৰ । বৰপেটা চহৰত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন ৷ বৰপেটাৰ বুদৰুৰটুপৰ মঞ্জু দাস নামৰ এগৰাকী অংগনৱাড়ী কৰ্মীৰ ডিঙিৰ পৰা কাঢ়ি নিয়ে সোণৰ চেইনডাল ৷ মহিলাগৰাকীয়ে জনোৱা অনুসৰি, মটৰ চাইকেলত অহা দুই যুৱকে চোকা অস্ত্ৰ দেখুৱাই মহিলাগৰাকীৰ মুখত সোপা দি ডিঙিৰ পৰা প্ৰায় ডেৰ তোলা ওজনৰ সোণৰ চেইনডাল কাঢ়ি লৈ পলায়ন কৰে ৷  

ইতিমধ্যে এই সন্দৰ্ভত বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ ইপিনে দিন দুপৰতে সংঘটিত হোৱা উক্ত ঘটনাটোক কেন্দ্ৰ কৰি বৰপেটা চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ লগতে আৰক্ষীক অপৰাধীৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আহ্বান জনাই সচেতন ৰাইজে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.