thumbnail

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 5:54 PM IST

ETV Bharat / Videos

লালগণেশত ৰামৰ ফটোযুক্ত বেনাৰত ফালি দুর্বৃত্তই সানিলে ক'লা ৰং - Crime in Guwahati

গুৱাহাটী, ২৮ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতে গুৱাহাটী মহানগৰীত ৰামৰ ফটোযুক্ত বেনাৰত দুর্বৃত্তই সানিলে ক'লা ৰং । মহানগৰীৰ লালগণেশৰ শংকৰ নগৰত যোৱা নিশা ৰামৰ ফটোযুক্ত বেনাৰত দুর্বৃত্তই ক'লা ৰং সনাৰ বিষয়ে আজি পুৱা স্থানীয় ৰাইজে জানিব পাৰে । এই ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিছত ফটাশিল, ওদালবাক্ৰা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰে ।  

শংকৰ নগৰৰ হনুমান মন্দিৰৰ সন্মুখত সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতিৰ । আজি স্থানীয় ৰাইজ ওলাই আহি সাব্যস্ত কৰে তীব্ৰ প্রতিবাদ । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি নিশা নিৰ্মাণৰত শ্ৰমিকে ভগৱান ৰামৰ পোষ্টাৰ ফালি পেলোৱাৰ লগতে ক'লা ৰং সানিছে বুলি কয় । ইতিমধ্যে এই নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰক তলব কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:মহানগৰীত পিষ্টলৰ গুলীসহ আৰক্ষীৰ জালত চিলাপথাৰৰ দুই যুৱক - Youths Arrested With Bullets

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.