ধেমাজি নগৰৰ মাজমজিয়াত গাড়ীৰ গ্লাছ ভাঙি লুটিলে ধন - Dhemaji theft incident - DHEMAJI THEFT INCIDENT
🎬 Watch Now: Feature Video


Published : May 29, 2024, 6:54 AM IST
ধেমাজি, 29 মে’ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ এইবাৰ ধেমাজি নগৰৰ মাজমজিয়াত সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা ৷ মঙলবাৰে ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ পাচঁশ মিটাৰ দূৰত্বত অৱস্থিত ধেমাজি চাৰিআলিস্থিত জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা গাড়ীৰ গ্লাছ ভাঙি কোনো দুৰ্বৃত্তই লুটি লৈ গ’ল 4 লাখ 60 হাজাৰ টকা ৷
জানিবলৈ পৰা অনুসৰি, প্ৰাণদ্বীপ ভূঞা নামৰ লোকজনে SBI ধেমাজি শাখাত টকাখিনি জমা দিবলৈ লৈ গৈছিল ৷ তেওঁ ধনৰ বেগটো হুণ্ডাই AS-22-0382 নম্বৰৰ গাড়ীখনৰ চিটত ৰাখি সন্মুখৰ দোকানত বজাৰ কৰিবলৈ যাওঁতেই দুৰ্বৃত্তই গাড়ীখনৰ গ্লাছ ভাঙি লুটি লৈ গ’ল সমুদায় ধন ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: প্ৰচণ্ড ধুমুহা-বৰষুণত অসমত তিনিজনৰ মৃত্যু, আহত বহুজন - Cyclone Remal