আলাহু-আকবৰ ধ্বনি দি বনভোজকাৰী দলক আক্ৰমণ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 7:08 AM IST

thumbnail

মঙলদৈ,২৭ জানুৱাৰী: মঙলদৈত চাঞ্চল্যকৰ ঘটনা । মঙলদৈৰ মোৱামাৰী ৪০ নম্বৰত বনভোজকাৰী দলক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিজন । আহত তিনিজন ক্ৰমে সঞ্জীৱ নাথ, ৰূপম শইকীয়া, আশীষ শৰ্মা, সুশান্ত দাস । ইয়াৰে সঞ্জীৱ নাথক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।  

অভিযোগ অনুসৰি আল্লাহু-আকবৰ ধ্বনি দি প্ৰায় ২০ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে মঙলদৈ শান্তিপুৰৰ পৰা যোৱা ১১ জনীয়া বনভোজকাৰী দলটোক । দা, লাঠীকে আদি কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বনভোজকাৰী দলটোক । বনভোজকাৰী দলটোৰ বাহনত ৰাম আৰু হনুমানৰ ফটো সম্বলিত পতাকা থকাৰ বাবেই এনে আক্ৰমণ কৰা বুলি সন্দেহ প্ৰকাশ কৰে ভুক্তভোগী দলটোৱে । ইয়াৰোপৰি দুৰ্বৃত্তই বনভোজকাৰী দলটোৰ বহনো অনিষ্ট কৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.