উন্নয়নৰ পক্ষত সংখ্যালঘু ৰাইজৰ ভোট

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 10:07 PM IST

বিশ্বনাথ: ৰাজ্যৰ পাঁচ সমষ্টিত বুধবাৰে অনুষ্ঠিত হয় উপ-নিৰ্বাচন । এইবাৰ বিহালী সমষ্টিৰ ৪১ নং পলকটা ভোটকেন্দ্ৰত হিলদল ভাঙি ওলাই আহিল সংখ্যালঘু সম্প্ৰদায়ৰ লোক । উন্নয়নৰ পক্ষত ভোট দিলে সংখ্যালঘু ৰাইজে । বিহালী বিধানসভা সমষ্টিৰ বাঘমাৰিস্থিত পলকটা এটা উল্লেখযোগ্য সংখ্যালঘু সম্প্ৰদায়ৰ এলেকা । প্ৰায়সংখ্যক পুৰুষ-মহিলাই আহি ভিৰ কৰা পৰিলক্ষিত হয় উক্ত কেন্দ্ৰত ।  

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা লোকসকলে কয় যে এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে উন্নয়নৰ স্বাৰ্থত বি জে পি ৰ পক্ষত ভোট প্ৰদান কৰিছে । বিগত নিৰ্বাচনবোৰত সংখ্যালঘু সম্প্ৰদায়ে বি জে পিৰ বিপক্ষে ভোট প্ৰদান কৰাৰ যি প্ৰচলিত ধাৰণা আছে, এইবাৰ তাৰ বিপৰীত হৈছে বুলি উল্লেখ কৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে । 

লগতে পঢ়ক: হিংসাজৰ্জৰ চামগুৰিত ভোটগ্ৰহণ সম্পন্ন

উপ-নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.