সংখ্যালঘুৰ ভোটেৰেহে কংগ্ৰেছে জয় লাভ কৰিছে : মন্ত্ৰী পীযুষ হাজৰীকা - Pijush hazarika in Golaghat

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 2:19 PM IST

thumbnail
গোলাঘাটত মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

গোলাঘাট, 1 জুলাই : দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে গোলাঘাটত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা ৷ গোলাঘাটৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা গোলাঘাট সমষ্টিৰ বিজেপিৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, "আগন্তক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব । কাৰণ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে লোকসভা সমষ্টিৰ অন্তৰ্গত 93 টা বিধানসভা সমষ্টিত জয়ী হৈছে । কিন্তু আগন্তুক নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা সকলোৱে ভাল ধৰণে কাম কৰিব লাগিব ৷"

সমান্তৰালভাৱে শেহতীয়া নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ফলাফলক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছ দলে লোকসভা সমষ্টিৰ অন্তৰ্গত 30 টা বিধানসভা সমষ্টিত জয়ী হৈছে ৷ তাৰে 8 টা সমষ্টি বাদ দিলে বাকীবিলাক হৈছে মূলতঃ সংখ্যালঘু বসতি প্ৰধান অঞ্চল । কিন্তু অকল সংখ্যালঘু ভোটাৰৰ সহায়ত কংগ্ৰেছ দলে 26 ত কোনোমতেই চৰকাৰ গঠন কৰিব নোৱাৰিব ।"

ইয়াৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপি দলক কেৱল ভাৰতীয় আৰু খিলঞ্জীয়াৰ ভোটৰহে প্ৰয়োজন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: কংগ্ৰেছৰ চৰকাৰ হ’লে কোনে কাঢ়ি ল’ব অধিকাৰ ? ক’লে পীযুষ হাজৰীকাই - Pijush Hazarika 

প্ৰসংগ সাম্প্ৰদায়িক বক্তব্য : মন্ত্ৰী পীযুষ হাজৰীকাক যোৱা তিনি বছৰৰ অপৰাধৰ তথ্য় বিচাৰিলে বিধায়ক ৰফিকুল ইছলামে - Pijush Hazarika controversial post

কংগ্ৰেছ আৰু এক বিশেষ সম্প্ৰদায়ক লৈ বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Slams Congress

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.