ধেমাজিত অসম মালা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ ভূমি পূজন মন্ত্ৰী ৰণোজ পেগুৰ - Asom mala
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-03-2024/640-480-20888658-thumbnail-16x9-dhemaji.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 2, 2024, 7:55 PM IST
ধেমাজি, 2 মাৰ্চ : ধেমাজিত অসম -মালা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ ভূমি পূজন ৷ ভূমি পূজন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ৷ অসম মালা আঁচনিৰ অধীনত (2023-2024 বৰ্ষ) ধেমাজি বুটিকোৰ পৰা ঘিলামৰালৈ যোৱা 16 কি:মি: দৈৰ্ঘ্যৰ গড়কাপ্তানি পথটোৰ উন্নয়ন আৰু পুনৰ নিৰ্মাণৰ বাবে শনিবাৰে ধেমাজি বুটিকোৰ চাৰিআলিত আনুষ্ঠানিকভাৱে ভূমি পূজন কৰা হয় ৷
এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অনুষ্ঠিত হোৱা এই ভূমি পূজন কাৰ্যসূচীত অংশ লয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত অংকুৰ ভৰালীকে ধৰি গড়কাপ্তানি বিভাগৰ কেইবাজনো বিষয়া আৰু কৰ্মচাৰীয়ে ৷ প্ৰায় 55 কোটি টকা ব্যয় সাপেক্ষে পথটো নিৰ্মাণ হ’ব বুলি জানিব পৰা গৈছে ৷ পথটোৰ নিৰ্মাণৰ বাবে দাঁতিকাষৰীয়া ৰাইজৰ সহযোগিতা কামনা কৰে মন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ৷
লগতে পঢ়ক : ৯৩৬ জন প্ৰাক্তন আলফা সদস্যক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ