আপৰ প্ৰাৰ্থিত্বক লৈ চিন্তিত নহয় ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী - Lok Sabha Polls

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 9:48 PM IST

ডিব্ৰুগড়, 15 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক-বিৰোধী সকলো তৎপৰ হৈছে ৷ 2024 ৰ লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে 12 খন আসনত জয়লাভ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৷ ইয়াৰ মাজতে ৰাজ্যত প্ৰথমবাৰলৈ আপে ৰাজ্যৰ তিনিটা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ৷

ইয়াৰ পাচতে ডিব্ৰুগড়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে, ডিব্ৰুগড়ত আপৰ কোনো ধৰণৰ সাংগঠনিক ভেটি নাই ৷ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ডিব্ৰুগড় লোকসভা সমষ্টিত জয়লাভ কৰাৰ কথা ক'লেও তেওঁ চিন্তিত নহয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, অসমৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত 12 টাতে বিজেপিয়ে জয়লাভ কৰিব ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যি ধৰণৰ উন্নয়নমূলক কাম কৰিছে তাৰ বাবে ৰাইজে বিজেপিক ভোট দিব ৷ নিজৰ ভেঁটি নথকাকৈ আপে ডিব্ৰুগড়ত জিকাৰ কথা কৈছে বুলি কয় তেলীয়ে ৷

লগতে পঢ়ক : নাও বুৰিলেও টিঙৰ পৰা নানামে কংগ্ৰেছৰ নেতা : ৰাজ্যিক বিজেপি
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.