দুই-এখন আসনৰ ফলাফল ইফাল-সিফাল হ'ব, মুঠৰ ওপৰত পূৰ্বতকৈ ভাল হ’ব: কেশৱ মহন্ত - Lok Sabha election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video


Published : May 8, 2024, 8:28 PM IST
কলিয়াবৰ, ৮ মে: কলিয়াবৰত বিজেপি-অগপৰ বিশেষ যৌথ সভাত বুধবাৰে লোকসভা নিৰ্বাচনৰ পৰ্যালোচনা কৰা হয় । এই সভাত কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্তই অসমত বুধবাৰে অন্ত পৰা নিৰ্বাচনৰ শেহতীয়া ছবিখন ভাল বুলি উল্লেখ কৰি কয়," ফলাফল ভাল হ’ব, নিশ্চিত থাকক ।" তেওঁ পুনৰ কয়," দুই-এখন আসনৰ ফলাফল ইফাল-সিফাল হ'ব, মুঠৰ ওপৰত ফলাফল পূৰ্বতকৈ ভাল হ’ব ।"
এই সভাত কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্ত আৰু কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাসহ দুই দলৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । অসমত লোকসভা নিৰ্বাচনৰ সমাপ্তিত কলিয়াবৰত আজি পুনৰ একত্ৰিত হ’ল বিজেপি-অগপ । মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত কলিয়াবৰত দুই দলৰ নিৰ্বাচনী পৰ্যালোচনা সভাখন অনুষ্ঠিত হয় ।
কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীক দিয়া অভূতপূৰ্ব সঁহাৰিৰ বাবে ভোটাৰ ৰাইজক কৃতজ্ঞতা জনালে নেতাকেইগৰাকীয়ে। ৰাজ্য়ত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত ৰাইজক ধন্যবাদ জ্ঞাপন মন্ত্ৰী কেশৱ মহন্তই ।