কলাজল নৈত শীঘ্ৰেই মথাউৰি-গাৰ্ড ৱাল নিৰ্মাণৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video


Published : Jun 24, 2024, 7:00 AM IST
বাইহাটা চাৰিআলি, 24 জুন: বাইহাটা চাৰিআলিৰ কমলপুৰত বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে দেওবাৰে উপস্থিত হয় মন্ত্ৰী যোগেন মহন । কমলপুৰৰ কলাজল নৈয়ে প্লাবিত কৰা বানাক্ৰান্তসকলৰ পৰিস্থিতিৰ বুজ লয় ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী মহনে । কলাজল নৈত শীঘ্ৰেই মথাউৰি বা গাৰ্ড ৱাল নিৰ্মাণৰ জৰিয়তে বান পৰিস্থিতি ৰোধ কৰাৰ উদ্দেশ্যৰে ব্যৱস্থা লোৱা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত কয় মন্ত্ৰীগৰাকীয়ে ।
সমান্তৰালভাৱে বানত ক্ষতিগ্ৰস্ত লোকসকলক খাদ্যবস্তু যোগান ধৰে মন্ত্ৰী যোগেন মহনে । বান সাহাৰ্য প্ৰদান বিগত সময়বোৰতকৈ খৰতকীয়া হোৱা বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । বান পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত তিনিদিনৰ মূৰে মূৰে বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক: বৰ্ন্যাতৰ বিলৈ ! পানী-বোকাৰ তলত পাঠ্যপুথি - Assam flood 2024