কংগ্ৰেছত ব্লু ব্লাড চলি আছে; মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কটাক্ষ - Jayanta Malla Baruah slams congress

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 4:54 PM IST

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : কংগ্ৰেছত ব্লু ব্লাড বা নীলা ৰক্ত চলি আছে । কংগ্ৰেছত বংশবাদ চলি আহিছে । এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । সোমবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে মহাত্মা গান্ধীয়ে স্বাধীনতাৰ পিচতে এই সকলো বুজি পাই কংগ্ৰেছ ভংগ কৰিবলৈ কৈছিল । কিন্তু কংগ্ৰেছ ভংগ নকৰি ব্লু ব্লাড চলাই থকাৰ বাবেই কংগ্ৰেছক চলাই থাকিল । সেয়া আজিও এৰিব পৰা নাই ।

লগতে জয়ন্ত মল্লবৰুৱাই কয়, গান্ধী-নেহৰু পৰিয়ালক লৈ আজিও ৰাজনীতি কৰি থাকিলে বংশবাদ আহিবই । অসমতো বংশবাদ থাকিব । বৰ্তমান যিসকলে কংগ্ৰেছৰ পৰিয়ালবাদৰ চৰিত্ৰ বুজি উঠিছে সেইসকলে কংগ্ৰেছ ত্যাগ কৰিছে । কংগ্ৰেছ তেনেকৈয়ে থাকিব । মন্ত্ৰী জয়ন্ত মল্লই লগতে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ হোৱাটো সকলোৱে বিচাৰিছে । ৰাইজে উন্নয়ন বিচাৰিছে সেয়ে সেই দিশে আগবাঢ়িছে । কাৰণ দেশত এতিয়া কেনেধৰণৰ উন্নতি হৈছে সেয়া সকলোৱে জানে ।

আনহাতে, অসমীয়া সত্তাক আঘাত কৰিব খোজা এচাম লোক আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোক সদায় থাকিবই । ইফালে কংগ্ৰেছ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি জয়ন্ত মল্লবৰুৱাই কয় যে বিহপুৰীয়াৰ বৰা বা চৰ অঞ্চলৰ মিঞাৰ দৰে অসমীয়া সত্তাৰ বিপৰীতে কাম কৰা এচাম লোক থাকিবই ।

উচ্চাকাংক্ষা অবিহনে কোনো দলত যোগদান কৰিব আহিলে কংগ্ৰেছ প্ৰায় শূন্য হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমীয়া সত্তা ধ্বংস কৰিব বিচৰা এচাম লোকহে কংগ্ৰেছত থাকিবগৈ ।

লগতে পঢ়ক :এইবাৰ দিল্লীত প্ৰতিবাদ কৰিব শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.