ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীক বোকাখাতত সম্বৰ্ধনা অতুল বৰাৰ - WOMEN CRICKETER Uma Chetry

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 4:45 PM IST

thumbnail
উমা ছেত্ৰীক সম্বৰ্ধনা (ETV BHARAT ASSAM)

গোলাঘাট, ২ জুন: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ঘৰুৱা শৃংখলাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ অংশগ্ৰহণৰ সুযোগ লাভ কৰা উমা ছেত্ৰীক দেওবাৰে বোকাখাত খেলপথাৰত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত পুনৰ স্থান লাভ কৰা বাবে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে বিভিন্ন অনুষ্ঠানে । বোকাখাত উপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই সম্বৰ্ধনা জ্ঞাপন কৰি উমা ছেত্ৰীয়ে উন্নত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ।  

উল্লেখ্য় যে উমা ছেত্ৰীয়ে টেষ্ট, এদিনীয়া আৰু টি ২০ সংস্কৰণত জাতীয় দলৰ হৈ খেলিব । বোকাখাত খেলপথাৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ক্ৰীড়া সন্থাৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ লগতে আন বিষয়ববীয়া আৰু স্থানীয় ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে । ইয়াৰ সমান্তৰালভাৱে বোকাখাত ৰাজহুৱা খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে খেলুৱৈগৰাকীয়ে ৷ ইপিনে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে ভাল খেল প্ৰদৰ্শনৰ আশা কৰিছে উমা ছেত্ৰীয়ে ।

লগতে পঢ়ক:Womens Cricketer Uma Chhetri: বোকাখাত ষ্টেডিয়ামত উমা ছেত্ৰীৰ অনুশীলন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা - Ind SA Womens Cricket Series

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.