বিলাসী বাহনত উদ্ধাৰ 30 কোটি টকাৰ ড্ৰাগছৰ ক’লা বজাৰৰ সোণ - Operation against drugs
🎬 Watch Now: Feature Video
Published : Sep 2, 2024, 7:09 AM IST
কৰিমগঞ্জ, 2 ছেপ্টেম্বৰ : 24 ঘণ্টাৰ ভিতৰত কৰিমগঞ্জ আৰক্ষীৰ দ্বিতীয় সফল অভিযান । কৰিমগঞ্জ আৰক্ষীয়ে পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰে তিনি সৰবৰাহকাৰীক । বদৰপুৰৰ জলালপুৰ এলেকাত সৰবৰাহকাৰীৰ পৰা 30 কোটি টকাৰ ইয়াৱা টেবলেট জব্দ কৰে ৷
আৰক্ষীয়ে জনোৱা মতে, গোপন সূত্ৰৰ পম খেদি বদৰপুৰৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জলালপুৰত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলোৱা হয় এক অভিযান ৷ প্ৰায় একঘণ্টা ধৰি চলা এই অভিযানত আৰক্ষীয়ে AS01DL1510 নম্বৰৰ এখন বিলাসী বাহনৰ পৰা এক লাখ ইয়াৱা টেবলেট জব্দ কৰে ৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য 30 কোটি টকা ৷ বাহনৰ এটা গোপন চেম্বাৰত ড্ৰাগছখিনি লুকুৱাই অনা হৈছিল বুলি সদৰী কৰে আৰক্ষীয়ে ৷
ইতিমধ্যে আৰক্ষীয়ে আটক কৰে আশ্ৰফ আলী, আব্দুল হান্নান আৰু প্ৰদীপ দাসক ৷ ধৃত আটায়েৰে ঘৰ কাছাৰৰ কাটিগাড়াত । জব্দকৃত ড্ৰাগছখিনি মিজোৰামৰ পৰা অনা হৈছিল পাথাৰকান্দিত সৰবৰাহৰ কৰাৰ উদ্দেশ্যে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
লগতে পঢ়ক : বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক তিনি যুৱক