thumbnail

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:14 PM IST

ETV Bharat / Videos

অনিৰ্দিষ্টকালৰ বাবে বন্ধ মেঘালয়-শিলচৰ-গুৱাহাটী সংযোগী বন্ধ : পাহাৰৰ পৰা খহি অহা মাটিয়ে পুতিলে চাৰিজনক - Landslide in Meghalaya

নিউজ ডেস্ক, 30 মে’: অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিল মেঘালয়-শিলচৰ-গুৱাহাটী সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ পথটোৰে বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলা প্ৰশাসনে  ৷ মেঘালয়ৰ লুমছুনোং অঞ্চলত সংঘটিত ভূমিস্খলনৰ বাবে পথছোৱা বাহন চলাচলৰ বাবে অনুপোযোগী হৈ পৰিছে ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই নিৰ্দেশ জাৰি থাকিব ৷ এই সময়ছোৱাত বাইকসহ লঘু বাহনসমূহ ষ্টাৰ চিমেন্ট কাৰখানাৰ পথেৰে চলাচল কৰিব পাৰিব ৷

ইফালে মেঘালয়ৰ নংপ্ৰিয়াঙত ভূমিস্খলনৰ ফলত চাৰিজনকৈ লোকৰ প্ৰাণ হানি হোৱাৰ আশংকা কৰা হৈছে ৷ জীৱন্তে মাটিত পোত যোৱা চাৰিজন ব্যক্তিৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ এই শোকাৱহ ঘটনাৰ পিচতেই সামাজিক মাধ্যম এক্সত এটা পোষ্ট আপলোড কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ তেওঁ পোষ্টটোত লিখে, ‘‘শ্বেলা ব্লকৰ নংপ্ৰিয়াঙত হোৱা বৃহৎ ভূমিস্খলনত আমাৰ চাৰিজন নাগৰিকৰ মৃত্যুৰ আশংকাৰ খবৰ শুনি দুখ লাগিল । এজন ভুক্তভোগীৰ মৃতদেহ উদ্ধাৰ হৈছে, অব্যাহত আছে উদ্ধাৰ অভিযান । প্ৰশাসনক তৎক্ষণাত ভুক্তভোগীৰ নিকট আত্মীয়ক এককালীন সাহায্য মুকলি কৰি দিবলৈ নিৰ্দেশ দিছোঁ ।’’

লগতে পঢ়ক: উমৰাংচুত যিকোনো মুহূৰ্তত ছিগিব পাৰে মথাউৰি - Dima Hasao Floods

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.