বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল চাৰিটাকৈ বাসগৃহ - nalbari news
🎬 Watch Now: Feature Video


Published : Feb 2, 2024, 10:22 PM IST
নলবাৰী, ২ ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত কুৰিহামাৰী বৰচৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । কুৰিহামাৰীৰ বৰচৰ গাঁৱৰ খলিল আলী আৰু মইনুল হকৰ বাসগৃহত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সমগ্ৰীৰ লগতে প্ৰয়োজনীয় নথিসহ ভস্মীভূত হয় চাৰিটাকৈ বাসগৃহ ।
স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত দুয়োটা পৰিয়ালৰে চাৰিটাকৈ ঘৰ সম্পূৰ্ণকৈ জুইত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে । ভাত বনাই থকা অৱস্থাত ৰান্ধনীঘৰৰ পৰা জুইৰ সূত্ৰপাত হয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । অগ্নিকাণ্ডৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা দুয়োটা পৰিয়াল এতিয়া কান্দোনত ভাঙি পৰিছে । দৰিদ্ৰ পৰিয়াল দুটিৰ বাবে সাহায্য বিচাৰি চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : লংকাৰ ঝাৰবস্তিত ভয়ংকৰ অগ্নিকাণ্ড