ফটকাৰ ফিৰিঙতিৰ পৰা লখিমপুৰ-নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
🎬 Watch Now: Feature Video
লখিমপুৰ/ নলবাৰী : দীপাৱলী আৰু কালি পূজাৰ আনন্দ উলাহৰ মাজতে লখিমপুৰ নগৰ এলেকাত দুটাকৈ অগ্নিকাণ্ড সংঘটিত হয় । শুকুৰবাৰে বিয়লি লখিমপুৰৰ দুটাকৈ গুদামত সংঘটিত হয় দুয়োটা অগ্নিকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে, সন্ধ্যাৰ আগতে প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয় নগৰৰ পৰা চাপৰি গাঁও সংযোগী পথত থকা এটা কাৱাৰীৰ গুদামত । ৰাস্তাত ফুটুৱা বোমাৰ পৰাই এই গুদামত অগ্নিকাণ্ডৰ সূচনা হয় বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ।
পিছে সৌভাগ্য ক্ৰমে এই গুদামৰ অগ্নিকাণ্ডই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ আগেয়েই স্থানীয় লোকৰ তৎপৰতাত অগ্নিকাণ্ডটো নিয়ন্ত্ৰণ হয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ৰাইজে এই অগ্নিকাণ্ডটো নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হয় ।
ইফালে সন্ধ্যাৰ পাছতে দ্বিতীয়টো অগ্নিকাণ্ড সংঘটিত হয় নগৰৰ ডি কে ৰোডৰ বিশাল মাৰ্কেটৰ কাষতে । এই এলেকাত থকা হনুমান কটন কোম্পানীৰ গুদামত অগ্নিকাণ্ড সংঘটিত হয় । আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত প্ৰায় দুঘন্টাৰ পাছত অগ্নিকাণ্ডটো নিয়ন্ত্ৰণ হয় । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০ লাখ টকাৰ সা-সামগ্ৰী জাহ যায় বুলি জানিব পৰা গৈছে ।
আনহাতে, নলবাৰী জিলাৰ ২ নং সাগৰকুছিৰ এঘৰ লোকৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেদৰে হৈছিল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই । ২ নং সাগৰকুছিৰ শ্ৰীকান্ত কলিতা নামৰ লোকজনৰ বাসগৃহত অতৰ্কিতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো । জুইৰ লেলিহান শিখাই অতৰ্কিতে ছানি ধৰি নিমিষতে ভস্মীভূত হয় শ্ৰীকান্ত কলিতা আৰু তেওঁৰ পুত্ৰৰ বাসস্থান । ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ।
লগতে পঢ়ক : দীপাৱলীৰ দিনাই ৰাজ্যৰ বিভিন্ন স্থানত ভয়ংকৰ অগ্নিকাণ্ড