নামৰূপত অগ্নিকাণ্ড, ভস্মীভূত ৫ খন ব্যৱসায়িক প্ৰতিষ্ঠান - Namrup FIRE INCIDENT

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:40 AM IST

thumbnail

ডিব্ৰুগড়, ১১ এপ্ৰিল : জুই, কেৱল মাথোঁ জুই ৷ এইবাৰ জুই লাগিল ডিব্ৰুগড়ৰ নামৰূপত ৷ জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ জানিব পৰা মতে, বুধবাৰে নিশা নামৰূপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । নামৰূপ সাহিত্য সভাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷

এই অগ্নিকাণ্ডত পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে জ্বলি ছাঁই হৈ যায় ৷ ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পাচতে নামৰূপ সাৰকাৰখানা আৰু পেট্ৰ’কেমিকেলচৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত বহু সময় চেষ্টাৰ অন্তত নিৰ্বাপিত হয় জুই ৷

শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে । এই অগ্নিকাণ্ডত কেইবা লক্ষাধিক সম্পত্তি ক্ষতি হোৱাৰ অনুমান কৰা হৈছে । ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে নিশা নামৰূপত এক তীব্ৰ উত্তেজনাময় পৰিৱেশ সৃষ্টি হয় ।

লগতে পঢ়ক : গোৱালপাৰাৰ দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক মূল্যৰ সা-সম্পত্তি - Fire in Goalpara

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.