thumbnail

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 10:33 AM IST

ETV Bharat / Videos

পিয়লিখাটাত নিমিষতে জুইত জাহ গ’ল প্ৰায় 15 টা পৰিয়ালৰ বাসগৃহ

বাইহাটা চাৰিআলি, 9 মাৰ্চ : ভয়াৱহ ! নিমিষতে শেষ হৈ গ’ল কেবাটাও সপোনৰ ঘৰ ৷ মূৰত পানী দিয়াৰ অৱস্থা এতিয়া কেবাটাও পৰিয়ালত ৷ কিয়নো শুকুৰবাৰে নিশা বাইহাটা চাৰিআলিৰ পিয়লিখাটাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ।

এই অগ্নিকাণ্ডত জাহ গ’ল প্ৰায় 15 টা পৰিয়ালৰ বাসগৃহ ৷ লগতে কেবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে বুলি তথ্য লাভ কৰা গৈছে ৷ এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হয় প্ৰায় 8 খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷ পৰৱৰ্তী সময়ত 8 খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত এই জুই নিৰ্বাপন কৰা  হয় ৷

ইফালে স্থানীয় ৰাইজৰ অভিযোগ, বাইহাটা চাৰিআলি অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এক/ডেৰ কিলোমিটাৰ দূৰত সংঘটিত হৈছে এই ঘটনা ৷ তৎসত্বেও বহু সময়ৰ পাচতহে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উক্ত স্থানত উপস্থিত হয় ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে । এই ভয়ংকৰ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে কেবাটাও পৰিয়ালৰ কেইবাগৰাকী সদস্যৰ ।

লগতে পঢ়ক : নলবাৰীৰ কেকানকুছিত বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.