ভূত নে ভ্ৰম ? হঠাৎ অসুস্থ চৰকাৰী বিদ্যালয়ৰ পাঁচগৰাকী ছাত্ৰী - Ghost at school - GHOST AT SCHOOL

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 5:30 PM IST

বঢ়মপুৰ, 13 ছেপ্টেম্বৰ : প্ৰতিদিনৰ দৰেই আৰম্ভ হৈছিল আছিল দিনটো ৷ সময়মতে সকলো আহিল বিদ্যালয়লৈ, হ’ল প্ৰাৰ্থনা সভাও ৷ তাৰ পাছত সকলো গ’ল নিজ নিজ শ্ৰেণীকোঠালৈ ৷ কিন্তু... এয়া কি ? হঠাৎ লাগিল হুলস্থূল ৷ চাৰিওফালে কেৱল হাই-ঊৰুমি ৷ শুনিবলৈ পোৱা গৈছে কেৱল শিক্ষাৰ্থীৰ কোলাহল ৷ মাজে মাজে শুনিবলৈ পোৱা গ’ল কিছু বিকট শব্দ ৷ কি হৈছে কোনেও ধৰিব পৰা নাই ৷

কোনোৱে কৈছে লাকীৰ কিবা এটা হৈছে, আনফালৰ আন এজনে আহি কয় পৰী, ৰাখী, তৰালীয়ে কিবা অদ্ভূত আচৰণ কৰিছে ৷ তেনে সময়তে আন কেবাজনো ছাত্ৰৰ মুখত শুনা গ’ল মৰ্জিনাক দেখা গৈছে এক অদ্ভূত ৰূপত, আমাৰ ভয় লাগিছে ৷ শিক্ষাৰ্থীৰ কথা শুনি শিক্ষক-শিক্ষয়ত্ৰীসকলো চিন্তিত হৈ পৰিছে ৷ দৌৰি গৈছে তেওঁলোকৰ ওচৰলৈ ৷

পৰী দাস, ৰাখী দাস, তৰালী দাস, লাকী দাস আৰু অষ্টম শ্ৰেণীৰ মৰ্জিনা খাতুনৰ অৱস্থা দেখি হতবাক শিক্ষক-শিক্ষয়ত্ৰীসকলো ৷ কোনেও যেন শান্ত কৰিব পৰা নাই এই ছাত্ৰীকেইগৰাকীক ৷

লগে লগে খবৰ দিয়া হ’ল হঠাৎ অসুস্থ হৈ পৰা শিক্ষাৰ্থীকেইগকৰাকীৰ ঘৰলৈ ৷ অভিভাৱক আহি বিদ্যালয়ত সন্তানক এই অৱস্থাত দেখি হতবাক তেওঁলোকো ৷ শিক্ষক-শিক্ষয়ত্ৰীসকলে আটাইকে চিকিৎসালয়লৈ নিবলৈ কৰিছিল যো-জা ৷ কিন্তু অভিভাৱকৰ মতে, কোনো বেমাৰ হোৱা নাই তেওঁলোকৰ সন্তানৰ, এয়া বাহিৰৰ বতাহ লাগিছে ৷ বেজালি কৰিলে সকলো ঠিক হৈ যাব ৷

ইফালে ছাত্ৰীকেইগৰাকীৰ এই ৰূপ দেখি স্কুলখনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ পৰিস্থিতি বিষম দেখি হঠাতে বিদ্যালয় ছুটী দিবলৈ বাধ্য হয় বিদ্যালয় কৰ্তৃপক্ষই ৷

আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ কঠিয়াতলী নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত ৷ বিজ্ঞান-প্ৰযুক্তিৰ ইমান দ্ৰুত বিকাশৰ মাজতো শুকুৰবাৰে কঠিয়াতলী নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে সচেতন মহলো ৷

লগতে পঢ়ক : দুটাকৈ ভূতৰ বিৰুদ্ধে এজাহাৰ দাখিল : আৰক্ষীয়ে প্ৰদান কৰিলে আশ্বাস - COMPLAINT AGAINST GHOST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.