ৰঙিয়াত বৰলীয়া নৈৰ কালৰূপ : জলবন্দী প্ৰায় 250 টা পৰিয়াল - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:52 PM IST

Updated : Jun 20, 2024, 9:57 AM IST

thumbnail
ৰঙিয়াত বৰলীয়া নৈৰ কালৰূপ (ETV Bharat Assam)

ৰঙিয়া, 19 জুন: ৰঙিয়াত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱৰ । জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল । বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছে ৰঙিয়া হাচানটুক, বিহাপাৰা, বালাগাঁও, ৰঙিয়া নগৰৰ এন টি ৰোড, উদিয়ানাকে ধৰি বিভিন্ন অঞ্চলত । বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে সহস্ৰাধিক পৰিয়াল । দুদিন ধৰি পানীৰ মাজতে আবদ্ধ হৈ আছে হাচানটুকৰ বানাক্ৰান্ত পৰিয়াল । উদ্ধাৰ অভিযানৰ বাবে যোৱা নাই মহকুমা প্ৰশাসনৰ কোনো লোক । বিচনাৰ ওপৰত অথবা চাং পাতি আশ্ৰয় লৈছে দুৰ্ভগীয়া বানাক্ৰান্তই । এসাঁজ খাই এসাঁজ লঘোনে দিন কটাইছে বন্যাৰ্তই । বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি । বানত পুখুৰীবোৰ বুৰ যোৱাৰ ফলত পোহনীয়া মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ । পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুৰ খাদ্যক লৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত । বানত দুৰ্ভোগ ভুগি থকা এইসকল ৰাইজে বৰ্তমানলৈকে লাভ কৰা নাই কোনো বান সাহায্য । একঁকাল পানীৰ মাজেৰে খাদ্যৰ সন্ধানত ওলাই আহিব লগীয়া হৈছে একাংশ শিশু, মহিলা । প্ৰায় 250 টা পৰিয়াল জলবন্দী হৈ থাকিব লগীয়া গৈছে । 

লগতে পঢ়ক: ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক - Assam Flood 2024

Last Updated : Jun 20, 2024, 9:57 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.