সৰ্বানন্দ সোণোৱালক শ্ৰদ্ধা কৰো বুলি কিয় ক’লে আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে ? - Assam BJP

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 6:40 AM IST

মৰাণ, 4 ফেব্ৰুৱাৰী : বিজেপিৰ সাংসদসকল কাম কৰাত ব্যৰ্থ হোৱাৰ বাবেই দলে সলনি কৰিছে প্ৰাৰ্থী ৷ দেওবাৰে দুলীয়াজান সমষ্টিৰ টেঙাখাতত আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে এই মন্তব্য প্ৰকাশ কৰে ৷ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । বহু জল্পনা-কল্পনাৰ পাচত শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ।

প্ৰথমখন প্ৰাৰ্থী তালিকাতে অসমৰ 11 টাকৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে । লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

এই সন্দৰ্ভত দুলীয়াজান সমষ্টিৰ টেঙাখাতত আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে কয়, "সৰ্বানন্দ সোণোৱাল ভাল নেতা ৷ তেওঁক শ্ৰদ্ধা কৰো । কিন্তু বিজেপিয়ে নিজ দলৰ সাংসদসকলক পাঁচ বছৰৰ মূৰে মূৰে সলনি কৰি আহিছে । বিজেপিৰ সাংসদসকলে নিজৰ সাংসদ পুঁজিৰ ধন ৰাইজৰ বাবে খৰচ কৰিব নোৱাৰাৰ বাবে ঘূৰি গৈছে । পঞ্চায়তৰ পৰা আৰম্ভ কৰি পৌৰসভালৈকে সকলোতে দুৰ্নীতি হৈছে । এই দুৰ্নীতি নাইকিয়া কৰিবলৈ আপৰ চৰকাৰৰ হ'ব ৷"

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী: যোৰহাট-অৰুণাচলৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.