thumbnail

পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 4:20 PM IST

শিলচৰ, 12 ফেব্ৰুৱাৰী : কাছাৰ জিলাৰ ধলাই আৰজানপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷  শহুৰেকৰ ঘৰতে পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে স্বামীয়ে । এই ভয়ংকৰ ঘটনা সংঘটিত কৰি পলাই যোৱাৰ সময়ত স্থানীয় ৰাইজে অভিযুক্ত স্বামীক কৰায়ত্ত কৰি আৰক্ষীক গতাই  দিয়ে ৷  

ঘটনা অনুসৰি, যোৱা ডেৰ বছৰৰ পূৰ্বে ধলাই আৰজানপুৰত চকাজ আলমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰজানপুৰ গাঁৱৰ ফৰিদা বেগম নামৰ মহিলাগৰাকীয়ে । কিন্তু বিবাহৰ পিচৰে পৰা মহিলাগৰাকীক স্বামী চকাজ আলমে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল । স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি বিগত কেইদিনৰ পূৰ্বে ফৰিদা বেগমক পিতৃ পৰিয়ালৰ লোকে স্বামীগৃহৰপৰা লৈ যায় । 

কিন্তু যোৱা দুদিন পূৰ্বে হঠাৎ শহুৰেকৰ ঘৰত আহি উপস্থিত হয় স্বামী চকাজ আলম। তেওঁ পত্নী ফৰিদা বেগমক জোৰ জবৰদস্তি লগত লৈ যোৱাৰ চেষ্টা কৰে । কিন্তু পত্নী ফৰিদা বেগমে তেওঁৰ লগত যোৱাত আপত্তি কৰাত স্বামীয়ে বেগৰ পৰা দা এখন উলিয়াই পত্নীক উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে ৷ 

ইপিনে এই ঘটনা সংঘটিত কৰি স্বামী চকাজে পলাই যোৱাৰ চেষ্টা কৰে যদিও তেওঁক স্থানীয় একাংশ লোকে আটক কৰে । ইয়াৰ পিচতে আৰক্ষীক খবৰ দি স্থানীয় লোকে অভিযুক্ত স্বামীক আৰক্ষীক চমজাই দিয়ে ৷ সম্প্ৰতি মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷  

ঘটনা সন্দৰ্ভত ফৰিদা বেগমৰ পিতৃয়ে ধলাই আৰক্ষী চকীত স্বামী চকাজ আলমৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে ।

লগতে পঢ়ক: শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ; এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.