এক শ্বাসৰুদ্ধকৰ অধ্যায় ! বৰপেটাত ট্ৰেন্সমিশ্যন টাৱাৰত উঠিল পশ্চিমবংগৰ যুৱক - Man climbs up electric pole

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 8:01 PM IST

thumbnail
বৰপেটাত ট্ৰেন্সমিশ্যন টাৱাৰত উঠিল পশ্চিমবংগৰ যুৱক (ETV Bharat Assam)

বৰপেটা, ১৩ জুন : দৃশ্যটো সেই শ্বোলে ছবিৰ এটা দৃশ্যৰ দৰেই ৷ সেই যে ধৰ্মেন্দ্ৰ পানী টেংকিত উঠিছিল হেমা মালিনীৰ বাবে ! একেই ঘটনা সংঘটিত হ’ল বৰপেটাত ৷ বৰপেটাৰ গলিয়াটোল গেটৰ সমীপত এজন যুৱক উঠিল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী খুঁটাত ৷ যুৱকজনক খুঁটাৰ পৰা নমাই আনিবলৈ ঘটনাস্থলীত উপস্থিত হয় বজালী আৰক্ষী, এছ ডি আৰ এফ, দণ্ডাধীশ পৰ্যন্ত ৷

ব্যক্তিগৰাকী পশ্চিম বংগৰ সঞ্জয় মাঝি বুলি জানিব পৰা গৈছে ৷ খুঁটাৰ পৰা নামি আহিবলৈ আৰক্ষীয়ে মাইকযোগে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো কাণসাৰ নিদিলে যুৱকজনে ৷ যুৱকজনৰ পত্নীৰ সৈতে যোগাযোগ কৰি কথা পাতি মাইকত লগাই দিয়াৰ পিচতো তেওঁৰ কাণসাৰ নাই ৷ মুঠতে নামি নাহে ৷ খুঁটাৰ ওপৰৰ পৰা এটা সময়ত তেওঁ দাবী কৰিলে যে ইণ্ডিয়ান আৰ্মী আহিব লাগিব ৷ কেৱল সিমানেই নহয়, তেওঁক লৈ যাব লাগিব হেলিকপ্টাৰেৰে ৷

বৃহস্পতিবাৰে পুৱা বিদ্যুতৰ খুঁটাত উঠা সঞ্জয় মাঝি দুপৰীয়া কিছু তললৈ নামি আহিছিল যদিও হেলিকপ্টাৰ অহা নাই বাবে তেওঁ আকৌ ওপৰলৈ উঠিল ৷ পৰৱৰ্তী সময়ত সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়া ইলা বনিয়াৰ কৌশলত তললৈ নামি আহিল যুৱকজন ৷ বিষয়াজনে সমুখৰ পৰা তেওঁৰ লগত কথা পতাত ব্যস্ত থকাৰ সুযোগ লৈ খুঁটাৰ ওপৰত উঠি পিচফালৰ পৰা পিটাৰ নামৰ এজন যুৱকে তেওঁক থাপ মাৰি ধৰে ৷ যুৱকজনে পিটাৰক আক্ৰমণো কৰে ৷

লগে লগে এছ ডি আৰ এফৰ কেবাজনো জোৱান গৈ তেওঁক তললৈ নমাই আনে ৷ অৱশেষত ৮-৯ ঘণ্টাৰ পিচত বহু ঘাট-প্ৰতিঘাটৰ অন্তত সঞ্জয় মাঝিক উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক: বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.